তলাবন্ধ তথা আন্তঃজিলা- ৰাজ্য ছীলৰ মাজতে বহিঃৰাজ্যলৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটী আৰু মেঘালয়ৰ পৰা পদব্ৰজে শিমুলটাপুত উপস্থিত দুটাকৈ বৃহৎ শ্ৰমিকৰ দল

Lockdown
ক’ভিড-১৯ সংক্ৰমণৰ প্ৰতিৰোধ উদ্দেশ্যে দেশজুৰি চলি থকা তলাবন্ধৰ উপৰি ৰাজ্য তথা জিলাসমূহৰ সীমা ছীল হৈ থকাৰ পাছতো বহিঃৰাজ্যলৈ যোৱাৰ উদ্দেশ্যে গুৱাহাটী তথা মেঘালয়ৰ পৰা অহা দুটাকৈ শ্ৰমিকৰ দলক আজি অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শিমূলতাপত স্থাপন কৰা ক’ভিড-১৯ পৰীক্ষণ কেন্দ্রত পহৰাৰত নিৰাপত্তাৰক্ষীৰ হাতত আবদ্ধ হয়।
মেঘালয়ৰ জয়ন্তীয়া পাহাৰ জিলাৰ পৰা অহা ৬০ জনীয়া শ্ৰমিকৰ দলটোৱে পদব্ৰজে আহি শ্ৰীৰামপুৰত উপস্থিত হোৱাত আৰক্ষীয়ে তাতে সীমাবদ্ধ কৰি ৰাখে যদিও তাৰে চাৰিজন নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি আন্তঃ ৰাজ্যিক সীমা পাৰ হয়। কিন্তু ইয়াৰ পিছতে বংগৰ তালাচী চকীত ধৰা পৰে । প্ৰাপ্ত তথ্য মতে, শ্রমিকৰ দলটোৰ লক্ষ্যস্থান আছিল বিহাৰৰ মধুৱানি জিলা।
ইপিনে, গুৱাহাটীৰ আঠগাৱঁত ঠেলা চলাই জীৱিকা নির্বাহ কৰা আন ১৭ গৰাকী বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি নিজ বাসস্থান বিহাৰৰ দ্বাৰভঙ্গা অভিমুখে যোৱাৰ উদ্দেশ্যেৰে যোৱা শনিবাৰে গুৱাহাটীৰ পৰা যাত্ৰা কৰি আজি পুৱাতে শিমুলটাপুত উপস্থিত হয়। সীমান্তৰ শিমুলটাপুইদি বংগত প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সময়ত বংগ আৰক্ষীয়ে শ্রমিকসকলক বংগত প্ৰৱেশত বাধা দিয়াত শ্ৰমিকসকল সীমান্তৰ শিমুলটাপুত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দুপৰীয়াটো থকাৰ পাছতে গোঁসাইগাঁও মহকুমা প্ৰকাশনে দুয়োটা দলকে ধাউলিগুৰি নিঃসংক্ৰমণ কেন্দ্ৰলৈ স্থানান্তৰিত কৰে।
ৰাজ্যসমূহত তলাবন্ধৰ সময়ছোৱাত কেনেকৈ এই সকল লোক অসম-বঙ্গৰ সীমা পালেহি সেই লৈ এতিয়া অঞ্চলটোৰ স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। লগতে বৰ্তমান পৰিস্থিতিত যাতে চৰকাৰী নীতি- নিৰ্দেশনা সমূহ চোৱা-চিতাৰ ক্ষেত্ৰত দায়িত্বত থকা সংশ্লিষ্ট বিভাগসমূহে যাতে চোকা দৃষ্টি ৰাখে তাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে কৰ্তৃপক্ষক দাবী জনাইছে।
Exit mobile version