পদব্ৰজে যোৱা বিহাৰৰ শ্ৰমিকক আটক কৰি কোৱাৰেন্টাইন গোসাঁইগাঁৱত 

SRIRAMPUR
এমাহৰ অধিক সময় ধৰি তলাবন্ধৰ অব্যাহত থকা সময়ত বহিঃৰাজ্যৰ শ্ৰমিক তথা আন কামত নিয়োজিতসকলক চৰকাৰৰ তৰফৰ পৰা খাদ্য আৰু আশ্ৰয় প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰচাৰ চলোৱা হৈছে যদিও বাস্তৱত ইয়াৰ বিপৰীত দৃশ্যহে পৰিলক্ষিত হৈছে ৷নিজ গৃহৰ পৰা বহিঃৰাজ্যত গৈ কাম কৰা সাধাৰণ লোকে তলাবন্ধৰ পাছৰে পৰা সকলো উপাৰ্জন হেৰুৱাই এক দুৰ্বিষহ পৰিস্থিতিত দিন কটাই আছে যদিও চৰকাৰীভাৱে এই সকল লোকে কোনো ধৰণৰ সহায় পোৱা নাই। এই কথাটোৰ পুনৰ সত্যতা প্ৰতিপন্ন হ’ল অসম বংগ সীমান্তৰ শিমুলটাপুত ।
তলাবন্ধৰ পাছৰে পৰা গুৱাহাটীত ঠেলা ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা প্ৰায় ১৬ গৰাকী লোকে পাঁচদিন পূৰ্বে খোজকাঢ়ি বিহাৰৰ দ্বাৰভাংগ জিলাৰ নিজগৃহৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে ।এনেদৰে পদব্ৰজে গৈ লোকসকল আজি পুৱতি নিশা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম বংগ সীমান্তৱৰ্তী শিমুলটাপুত আহি পশ্চিমবংগ সীমাত আহি প্ৰৱেশ কৰাৰ লগে লগে বংগ আৰক্ষীক আৰক্ষীয়ে লাঠিৰে কোবাই অসমলৈ খেদি পঠিয়াই ৷ইয়াৰ পিছত গোসাঁইগাঁও মহকুমা প্ৰশাসনৰ হস্তক্ষেপত এই লোকসকলক শিমুলটাপুত আৰক্ষী চকীৰ তত্ত্বাৱধানত কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে।
আনহাতে একে পৰিস্থিতিৰ সন্মুখীন হয় মেঘালয়ৰ বিভিন্ন স্থানত দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা বিহাৰৰ ৬০ গৰাকী লোক ৷এই লোকসকলৰ ভিতৰত চাৰিজন লোকক বংগ আৰক্ষীয়ে আটক কৰি ,স্বাস্থ্য পৰীক্ষা কৰোৱাই বংগৰ বাৰোভিছাত কোৱাৰেন্টাইনত ৰখা হয়। আনহাতে বাকী ৫৬ জন লোকক মহকুমা প্ৰশাসনে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা অহা শ্ৰমিকসকল বিহাৰৰ দ্বাৰভংগ জিলাৰ আৰু মেঘালয়ৰ পৰা অহা সকল বিহাৰৰ খাগৰিয়া আৰু সমস্তিপুৰ জিলাৰ ৷
তলাবন্ধৰ ফলত উপাৰ্জনহীন হৈ পৰাত এই লোকসকল মালিকে ঘৰৰ পৰা উলিয়াই দিয়ে ৷সম্প্ৰতি তলাবন্ধ বলবৎ হৈ থকা সময়ত এই লোকসকলে কেনেদৰে অসম বংগ সীমান্তত আহি উপস্থিত হ’ব পাৰিলে এই প্ৰশ্ন উত্থাপন কৰিছে স্বয়ং মহকুমা প্ৰশাসনৰ শীৰ্ষ প্ৰশাসনে। মেঘালয়ৰ সীমা অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰাৰ পাছত অসম বংগ সীমান্ত লৈ অহাৰ সময়ত বাকী জিলা প্ৰশাসনে কিয় তেওঁলোকক আটক কৰি কোৱাৰেন্টাইন নকৰিলে বুলি প্ৰশ্ন কৰে মহকুমা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ৷সম্প্ৰতি বিহাৰৰ চৰকাৰৰ স’তে যোগাযোগ কৰি এওঁলোকক বাহন যোগে স্বগৃহলৈ পঠোৱাৰ বাবে বিহাৰৰ শ্ৰমিকসকলে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে ৷
Exit mobile version