প্লাজমা থেৰাপী অনুমোদিত চিকিৎসা নহয়

PLAJOMA
ভাৰতত ক’ভিড-১৯ ত আক্ৰান্ত কেইজনমান ৰোগী প্লাজমা থেৰাপি চিকিৎসা পদ্ধতিৰে সুস্থ হৈ উঠা বিষয়টোৱে বিশ্বজুৰি চর্চা লাভ কৰিছে। এই ঘটনাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে প্লাজমা  বৰ্তমান ক’ভিড-১৯ ৰ চিকিৎসাৰ কোনো অনুমোদিত পদ্ধতি নাই।এক সংবাদ মেলত স্বাস্থ্য মন্ত্ৰনালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই কয় যে প্লাজমা থেৰাপি সম্প্ৰতি পৰীক্ষা স্তৰতহে আছে। ক’ভিড-১৯ ৰ চিকিৎসাত ইয়াক প্ৰয়োগ কৰিব পাৰি বুলি দাবী কৰিবলৈ পৰ্যাপ্ত উদাহৰণ নাই।
এই ভাইৰাছৰ চিকিৎসাত প্লাজমা থেৰাপি কিমান কাৰ্যকৰী তাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অধ্যয়ন আই চি এম আৰে আৰম্ভ কৰিছে। আই চি এম আৰে অধ্যয়ন নকৰাকৈ আৰু উপযুক্ত বৈজ্ঞানিক প্ৰমাণ নোপোৱাকৈ এই থেৰাপী কেৱল গৱেষণা আৰু পৰীক্ষণৰ উদ্দেশ্যেহে প্ৰয়োগ কৰা উচিত। যদি প্লাজমা থেৰাপী উপযুক্ত পদ্ধতি আৰু সঠিক নীতি-নিৰ্দেশনা অনুসৰি প্রয়োগ কৰা নহয়, তেতিয়া ই জীৱনৰ প্ৰতি ভাবুকিও হৈ উঠিব পাৰে। গতিকে চিকিৎসাৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰাটো অবৈধ হ’ব।’
ইপিনে, ভাৰতত আক্ৰান্তৰ সংখ্যা ৩১ হেজাৰৰ সীমা অতিক্ৰম কৰে। স্বাস্হ্য মন্ত্ৰণালয়ে সদৰী কৰে যে দেশৰ ১৭ খন জিলাত যোৱা ২৮ দিনত এজনো লোক এই ভাইৰাছত আক্ৰান্ত হোৱা নাই। আনহাতে, দেশত সুস্থ হৈ উঠিছে কমেও ৭,৮০৫ জন আক্ৰান্ত। আক্ৰান্তৰ সংখ্যাৰ বিপৰীতে সুস্থ হোৱা লোকৰ হাৰ হ’ল ২৩.৩ শতাংশ।
ইপিনে, মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ব্যাপক ৰূপত অব্যাহত আছে। এই ভাইৰাছত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা আজি ৯,৩১৮ জনলৈ বৃদ্ধি হয়। মৃত্যুৰ সংখ্যাৰেও শীৰ্ষত থকা ৰাজ্যখনত প্ৰাণ হেৰুৱাইছে ৪০০ জনে। ইয়াৰ পাছতে গুজৰাটত ১৮১জন  আৰু মধ্য প্ৰদেশত ১২২জনে প্ৰাণ হেৰুৱাইছে বুলি স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰে।
ADVERTISEMENT
Exit mobile version