ভৱিষ্যতক লৈ উদ্বিগ্নঃতলাবন্ধৰ হতাশাত আত্মহত্যাৰ প্ৰৱণতা অসমত

Stats Depression

Print

মধ্য অসমৰ এটি দুখীয়া পৰিয়ালৰ ৩৫ বছৰীয়া যুৱক দীপক বৰা (প্ৰকৃত নাম নহয়) ৷ ঘৰৰ যিকণ মাটি আছে তাতেই এইবাৰ বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠান এটাৰ পৰা লক্ষাধিক টকাৰ ঋণ লৈ বিভিন্ন পাচলিৰ খেতি কৰিছিল,কিন্তু দীঘলীয়া তলাবন্ধৰ ফলত সকলো পাচলি খেতি পথাৰতে নষ্ট হয়। ফলত বৰাৰ চকুৰ আগত এতিয়া কেৱল অন্ধকাৰ আৰু অন্ধকাৰ।
ইফালে ঋণৰ কিস্তি প্ৰতি মাহে পৰিশোধ কৰিবই লাগিব ৷ পাচলি নষ্ট হ’লেও ঋণ আদায়ৰ পৰা ৰেহাই নাপায় ।চৰম হতাশাত ভাগি পৰা বৰাৰ মনলৈ জীৱনৰ চৰম সিদ্ধান্ত লোৱাৰ ভাৱো মনলৈ আহিছে । পশ্চিম অসমৰ এখন পিছপৰা জিলাৰ পৰা গুৱাহাটীলৈ বহু আশাৰে আহি ব্যক্তিগত প্ৰতিষ্ঠান এটাত মূৰ গুজিবলৈ সক্ষম হৈছিল নিম্ন মধ্যবিত্ত পৰিয়ালৰ এজন যুৱকে ৷সম্প্ৰতি ঘৰত থকা যুৱকজনে জানিব পাৰিছে যে তলাবন্ধৰ পাছত প্ৰতিষ্ঠানটো খুলিলেও তেওঁৰ চাকৰি নাথাকে। অথচ ঘৰখনৰ বাবেই তেওঁৰ যিকোনো চাকৰি এটাৰ অতি প্ৰয়োজন।
চাকৰি নথকাৰ খবৰটো পোৱাৰে পাছৰে পৰা সেয়ে দুশ্চিন্তাত ভাগি পৰিছে ২৫ ৰ উধ্বৰ যুৱকজন। মানৱ জাতিক ভয়াৱহ ক’ভিড ১৯ ৰ গ্ৰাসৰ পৰা ৰক্ষাৰ উদ্দেশ্য বিভিন্ন প্ৰান্তৰ দৰে ভাৰততো অব্যাহত আছে দীঘলীয়া তলাবন্ধ ৷অথচ এই তলাবন্ধই উল্লিখিত দুটা উদাহৰণৰ দৰে বহুতৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। তলাবন্ধ খোলাৰ পাছত পৰিবেশ আৰু কেনে ধৰণৰ হ’ব পাৰে সেয়া বৰ্তমানৰ পৰিস্থিতিত কল্পনাৰো অগোচৰ। কৰ’নাৰ পাশ্বক্ৰিয়াৰ ভয়াৱহ হতাশাৰ ছবিখন অসম আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে ।
দীঘলীয়া তলাবন্ধৰ ফলত অৱসাদকে ধৰি মানসিক যিকোনো সমস্যাৰ সমাধানৰ বাবে আৰক্ষীয়ে কে’বাটাও হেল্প লাইন নম্বৰ মুকলি কৰিছে। যোৱা সাত এপ্ৰিলত এই সেৱা আৰম্ভ কৰাৰ পাছৰে পৰা হেল্প লাইনৰ আটাইকেইটা নম্বৰত মানসিক সাহায্য বিচৰা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। তেনে সাহাৰ্যত নিয়োজিত মানসিক ৰোগৰ চিকিৎসক ডা° বৰ্ণালী দাসে কয় যে তেওঁ অকলেই ৬০ টাৰো অধিক মানসিক সাহাৰ্য বিচৰা ফোনকল পাইছে। সেই সকলোকে ফোনৰ জৰিয়তে প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হৈছে।
ইফালে পৰামৰ্শ বিচৰা সকলৰ সমস্যাৰ ধৰণৰ প্ৰসংগত ডা° দাসে কয় যে ভৱিষ্যতক লৈ অধিকাংশৰ হতাশাৰ মূল কাৰণ ৷ কোনোবাই বহু কষ্টৰে ধন যোগাৰ কৰি ঋণ লৈ ব্যৱসায়ত হাত দি বৃহৎ লোকচানৰ গৰাহত পৰিছে ৷কোনোবাই নতুনকৈ চাকৰিত যোগ দি পুনৰ নিবনুৱা হোৱাৰ আশংকাত ভূগিছে ।কোনোবাই পৰিয়ালৰ গধুৰ দায়িত্ব পালন কৰিবলৈ গুৱাহাটীলৈ আহি এতিয়া দিশহাৰা হৈ পৰিছে। কোনোবাই আকৌ ঘৰ চলাবলৈ বহিঃৰাজ্যলৈ গৈ তাত কৰ্মহীন হোৱাত উৱাদিহ নাপাই ভাগি পৰিছে। কোনোবাই আকৌ বহিঃৰাজ্যলৈ গৈ তাত কৰ্মহীন হোৱাত ভাগি পৰিছে ৷কাৰোবাৰ আকৌ পুৰণি মানসিক ৰোগে উক দিছে ৷ এনে ধৰণৰ অজস্ৰ কাৰণত মানুহবোৰ ভূগিছে ৷
একাংশই আকৌ কৰ’নাত সংক্ৰমিত হোৱাৰ আশংকাত ভূগিছে বুলি চিকিৎসকগৰাকীয়ে সদৰি কৰেো উল্লেখযোগ্য যে মানসিক সমস্যাত ভুগি সহায় বিচৰাসকলৰ অধিকাংশই ২০ ৰ পৰা ৩৫ বছৰৰ বয়সৰ ।আনহাতে ৪০ ৰ ওপৰৰ সকলৰ ভিতৰত পুৰণি মানসিক ৰোগে উক দিয়া,ঘৰলৈ অনা সামগ্ৰীৰ পৰা কৰ’নাত আক্ৰান্ত হোৱাৰ আশংকা,জৰুৰী ঔষধ নাপাই উদ্বিগ্নতা ভোগা আদি সমস্যাৰ মাত্ৰা অধিক ।ডা° দাসে কয়” কিছুমানৰ হতাশাৰ মাত্ৰা ইমানেই বাঢ়িছে যে আত্মহত্যাৰ প্ৰৱণতায়ো মনত বাহ লৈছে। সহায় বিচৰা সকলোকে পাৰ্যমানে পৰামৰ্শ দিয়া হৈছে ৷জীৱনৰ সুৰক্ষাৰ ভীতিয়ে সৃষ্টি কৰা উদ্বিগ্নতা অতি স্পৰ্শকাতৰ ৷
Exit mobile version