এটা যুগৰ অৱসানঃ শতাধিক ছবিত অভিনয় কৰি হঠাতে গ’লগৈ চকলেট হিৰো ঋষি কাপুৰ 

rishi kapoor 660 300420095702
একেসময়তে দুজনকৈ বলীউডৰ মহীৰূহক হেৰুৱাই শোকত ভাগি পৰিছে বিশ্বৰ লগতে দেশৰ চলচ্চিত্ৰপ্ৰেমীসকল।  একেটা সপ্তাহৰ বুধবাৰে ইৰফান খান আৰু আজি অৰ্থাৎ বৃহস্পতিবাৰে বলীউডৰ আন এজন অভিনেতা ঋষি কাপুৰৰ মৃত্যুক যেন কোনো অনুৰাগীয়ে সহজভাৱে ল’ব পৰা নাই ৷ এফালে কৰ’না ভাইৰাছৰ সন্ত্ৰাস আৰু আনফালে দুজন প্ৰিয় অভিনেতাৰ মৃত্যু যেন আমাৰ সকলোৰে কাৰণে অসহনীয় ৷ চিৰসেউজ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ পিছত আজি দুপৰীয়া চন্দনবাৰী শ্মশানঘাটত অভিনেতাজনৰ অন্তিম সৎকাৰ কৰা হয় ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইৰ আৰক্ষীয়ে ঋষি কাপুৰৰ অন্ত্যোষ্টিক্ৰিয়াত মাত্ৰ ২৫ জন লোকক অংশ ল’বলৈ অনুমতি প্ৰদান কৰে। পত্নী নীতু সিং,ৰনবীৰ কাপুৰৰ উপৰিও কৰীনা কাপুৰ খান,অভিষেক বচ্চন,ঐশ্বৰ্য ৰায় বচ্চন,উদ্যোগপতি অনিল আম্বানি,আলিয়া ভাট,ৰীমা জৈন,মনোজ জৈন,আদৰ জৈন,অনীশা জৈন,বিমল পাৰীখ আদিয়ে অংশ লয় অন্ত্যোষ্টিক্ৰিয়াত ৷ ইফালে পিতৃৰ অন্তিম সংস্কাৰত উপস্থিত থাকিব নোৱাৰিলে ঋষি কাপুৰৰ কন্যা ৰিদ্ধিমা কাপুৰ ।
৩৯ বয়সীয়া ৰিদ্ধিমাই চাৰ্ডাড বিমানেৰে মুম্বাইলৈ আহিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত অনুমতি বিচাৰিছিল যদিও এই আবেদনত মঞ্জুৰী নাপালে ৰিদ্ধিমাই ।ইয়াৰ পিছত ৰিদ্ধিমাক দিল্লীৰ পৰা মুম্বাইলৈ পথৰে যাত্ৰা কৰিবলৈ অনুমতি দিয়ে মন্ত্ৰ্যালয়ে। কিন্তু ব্যক্তিগত বাহনেৰে দিল্লীৰ পৰা মুম্বাইলৈ প্ৰায় ১৪০০ কিলোমিটাৰ যোৱাৰ পিছত শুক্ৰবাৰেহে মুম্বাইত উপস্থিত হ’ব পাৰিব ৰিদ্ধিমা কাপুৰ। ইফালে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া দেখাৰ সপোনটো সপোন হৈয়ে ৰ’ল ঋষি কাপুৰৰ ৷এক সাক্ষাৎকাৰত ঋষি কাপুৰে কৈছিল” ৰনবীৰৰ ৩৫ বছৰ হ’ল ৷তেওঁ পছন্দৰ মতে বিয়া পাতিব পাৰে। তেওঁৰ সুখতেই মোৰ সুখ” ৷দৰাচলতে এটা সাক্ষাৎকাৰত ৰনবীৰ আৰু আলিয়াৰ সম্পৰ্কৰ কথা পিতৃ ঋষি কাপুৰক সোধোতে এই মন্তব্য দিছিল অভিনেতাজনে । এই সময়ত ঋষি কাপুৰৰ শোকসন্তপ্ত পৰিয়ালে সকলো অনুৰাগীক সামাজিক দূৰত্ব বজাই ৰাখি আইনক সন্মান কৰিবলৈ আহ্বান কৰিছে।

আহক জানো বলীউডৰ চিৰসেউজ অভিনেতাজনৰ কেইটামান উল্লেখযোগ্য দিশঃ

 

Exit mobile version