পাণবজাৰত চোৰৰ ঘাটি উৎখাত  : চুৰি সামগ্ৰী উদ্ধাৰ 

thief ghy
বৃহস্পতিবাৰে মহানগৰ আৰক্ষীৰ অভিযানত পাঁচজনীয়া  এটা চোৰৰ দল গেপ্তাৰ কৰিবলৈ সক্ষম হয় | ধৃত চোৰকেইটা ক্ৰমে গোলাঘাট দেৰগাঁওৰ অনন্ত বৰা (২০), বিৰুবাৰীৰ শংকৰ দাস (২০),  নলবাৰীৰ ছয়দুল আলি (২৫),  ফটাশিল আমবাৰীৰ নুৰ আলী (২০)  আৰু উত্তৰ গুৱাহাটীৰ পাপু বৰা | ধৃত চোৰকেইটা যোৱা ১৬ এপ্ৰিলত পাণবজাৰৰ “ডা: আৰ ডায়েবেটিছ এণ্ড ফুড কেয়াৰ” নামৰ প্ৰতিষ্ঠানখনত সংঘটিত চুৰিকাণ্ডৰ সতে জড়িত | আৰক্ষীয়ে চোৰৰ দলটোৰ পৰা নগদ ২৭০০ টকাৰ লগতে প্ৰতিষ্ঠানখনৰ পৰা চুৰি হোৱা এলইডি টিভি উদ্ধাৰ কৰিবলৈ সক্ষম হয় |
Exit mobile version