হেণ্ড ছেনিটাইজাৰৰ পৰা ক্ষতি হ’ব পাৰে শিশুৰ ছাল 

handsanitizer 6d1b07f00f8e498e8168b055b5439b70
কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত আগতীয়া সতৰ্কতামূলক ব্যৱস্থা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাই হৈছে অন্যতম উপায় । সেইবাবে বিশেষজ্ঞসকলে ঘনাই ভালদৰে চাবোনেৰে হাত-মুখ ধোৱাৰ পৰামৰ্শ দি আছে । যি স্থানত হাতৰ কাষতে পানী নাই, সেই ক্ষেত্ৰত হেণ্ড ছেনিটাইজাৰ দি ভালদৰে জীৱণুমুক্ত কৰিবলৈ পৰামৰ্শ দিছে । এলক’হল সমৃদ্ধ হেণ্ড ছেনিটাইজাৰ এই ক্ষেত্ৰত বেছি ভাল বুলি জনাইছে বিশেষজ্ঞই । কিন্ত এইবোৰ হেণ্ড ছেনিটাইজাৰ শিশুৰ গাৰ  ছালৰ বাবে বেছি বিপজ্জনক হৈ পৰিব পাৰে।হাত জীৱাণুমুক্ত কৰিবলৈ এলক’হল সমৃদ্ধ হেণ্ড ছেনিটাইজাৰেই বেছি ভাল । কিন্ত কাঢ়া ৰাসায়নিক বা এলক’হল যুক্ত ছেনিটাইজাৰ শিশুৰ কোমল ছালৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলিয়ে ধাৰণা কৰিছে চৰ্মৰোগ বিশেষজ্ঞই।
তেওঁলোকৰ মতে, এলক’হল যুক্ত হেণ্ড ছেনিটাইজাৰত ৬০শতাংশ বা তাতকৈ অধিক পৰিমাণে এলক’হল থাকে । শিশুৰ ছালৰ ক্ষেত্ৰত আৰু অধিক ক্ষতি হ’ব পাৰে । ছেনিটাইজাৰৰ আন এটা ক্ষতিকাৰক ৰাসায়নিক উপাদান হৈছে ট্ৰাইক্ল’ছেন । এই  ট্ৰাইক্ল’ছেনে বেক্টেৰিয়া বা ফাংগাছৰ পৰা হোৱা সংক্ৰমণ ৰোধ কৰিব পাৰে । শৰীৰৰ হৰম’নৰ ভাৰসাম্য বিনষ্ট কৰাৰ ক্ষেত্ৰত বিশেষজ্ঞই এই উপাদানকে দায়ী কৰিছে । সেয়ে শিশুক সুৰক্ষিত ৰাখিবলৈ ট্ৰাইক্ল’ছেনযুক্ত ছেনিটাইজাৰ বাতিল কৰাটো জৰুৰী বুলিয়ে বিশেষজ্ঞই মত প্ৰকাশ কৰিছে । এতিয়া বহুলোকেই প্ৰশ্ন উত্থাপন কৰিছে  এই ক্ষেত্ৰত বিকল্প কি?এই বিষয়ে বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে নিমপাত, এল’ভেৰাৰ দৰে প্ৰাকৃতিক উপাদানেৰে  তৈয়াৰী ছেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰি । চাবোনৰ দ্বাৰা শিশুৰ গাৰ ছাল জীৱানুমুক্ত কৰিব পাৰি।
Exit mobile version