ঘৰত থাকিয়ে আইছ’লেছন অৰ্থাৎ আছুতীয়াকৈ থকাৰ পৰামৰ্শ। কৰ’নাৰ সামান্য আৰু প্ৰাথমিক লক্ষণযুক্তসকলক ঘৰত থকাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশিকাৰ পিছত এনে চৰ্চা আৰম্ভ হৈছে ।২০১১ ৰ লোকপিয়ল অনুসৰি দেশৰ ৮৭ কোটি অধিক লোকৰ পৃথক কোঠা নাই। এটা বা দুটা কোঠাতে একেলগে ঠেলাহেঁচা কৰি থাকিবলগীয়া হয় ।এই পৰিস্থিতিৰ বৃহৎ উন্নয়ন সাধন হোৱা নাই। জনসংখ্যাবিদসকলৰ কেৱল বস্তি অঞ্চলতে নহয়,মুম্বাই,দিল্লীৰ দৰে দেশৰ মেট্ৰ’নগৰীসমূহতো মাত্ৰ এটা কোঠালীত কমেও চাৰি পাঁছজনকৈ লোক একেলগে থাকে। দেশৰ লোকপিয়লৰ সংখ্যা অনুসৰি সমগ্ৰ দেশতে পৃথক ঘৰ বা কোঠা নথকা পৰিয়াল হ’ব এক কোটি ৷অৰ্থাৎ একোটা ঠিকনাতে প্ৰায় পাঁচজন লোক বসবাস কৰে ৷
সেইমৰ্মে পৃথক কোনো কোঠা নাই, এটা বা দুটা কোঠা আছে এনে বাসিন্দাৰ সংখ্যা ক্ৰমে প্ৰায় চাৰি কোটি ,৪৪ কোটি আৰু ৩৮ কোটি৷ এই তথ্য দেশৰ শেহতীয়া লোকপিয়লৰ ৷ দেশৰ অৰ্থনীতি আৰু সামাজিক উন্নয়নমূলক গৱেষণাৰ উৎকৰ্ষ কেন্দ্ৰ “ইনষ্টিটিউট অৱ ইক’নমিক গ্ৰ’থৰ নাবাৰ্ড চেয়াৰ প্ৰফেচাৰ সৌদামিনী দাসে কয়,” এই কথা হয় যে দেশৰ ঘৰতে থাকি আইছ’লেছনৰ পদ্ধতিৰ কাৰ্যকৰিতাক লৈ প্ৰশ্ন উঠিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰে এই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কৰাৰ কথা কোৱা নাই ৷অগ্ৰাধিকাৰ ভিত্তিত আক্ৰান্তসকলক যাতে সঠিক চিকিৎসা প্ৰদান কৰিব পাৰি তাৰ বাবে কোৱা হৈছে ।ইণ্ডিয়ান ইক’নমিক ছাৰ্ভিচ ছেকচনৰ কে চি ডিৰেক্টৰ তথা মুৰব্বী প্ৰভাকৰ ছাহুৰ মতে,”দেশৰ এনে স্বাস্থ্য আন্তঃগাঁথনি নাই যে সামান্য উপসৰ্গই দেখা দিলে তেওঁলোকৰ চিকিৎসা কৰিব পৰা যাব ।এই ক্ষেত্ৰত যিসকলৰ প্ৰকৃতাৰ্থত প্ৰয়োজন আছে তেওঁলোককে হাস্পতাল বা কোৱাৰেন্টাইন কেন্দ্ৰলৈ অনা হওক ।বাকীসকলে ঘৰতে থাকি সকলো নিয়ম পালন কৰি অতি সতৰ্কতাৰে থাকিব লাগিব ।