৪০ দিনীয়া তলাবন্ধৰ অন্তিম পৰ্যায়তো কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি 

salil lockdown 1 1
ভাৰতত অহা ৩ মে’ত অন্ত পৰিব তলাবন্ধৰ ৪০ দিনীয়া ম্যাদ। কিন্তু এনে দীঘলীয়া তলাবন্ধৰ সত্তেও ক’ভিড১৯ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি ভাৰতত ভয়াৱহ ৰূপত অব্যাহত আছে ৷ ইতিমধ্যে ভাৰতত আক্ৰান্তৰ সংখ্যা ৩৩,০৫০ জনলৈ বৃদ্ধি হয়। মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ১,০৭৪ জনলৈ৷ যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ আক্ৰান্ত হয় ১,৮১৩ জন ৷অৱশ্যে আক্ৰান্তৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যাও বৃদ্ধি পাইছে ।সুস্থ হৈছে ৮,৩৮৯ জন ।
স্বাস্থ্য মন্ত্ৰ্যালয়ে সদৰি কৰা অনুসৰি আক্ৰান্তৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ হাৰ হ’ল ২৪.৫২ শতাংশ। ইপিনে ক’ভিড১৯ মুক্ত ৰাজ্যৰ সংখ্যা বৃদ্ধি পাইছে পাঁচ খনলৈ। ইয়াৰে চাৰিখনেই উত্তৰ পূৰ্বাঞ্চলৰ ৷এই ৰাজ্য কেইখন হ’ল মণিপুৰ,ত্ৰিপুৰা,অৰুণাচল প্ৰদেশ আৰু মিজোৰাম ৷পঞ্চমখন ৰাজ্য হ’ল গোৱা। ভাৰতৰ সামৰিক ক্ষেত্ৰলৈয়ো ক’ভিড ১৯ ৰ সংক্ৰমণে ভাবুকি কঢ়িয়াইছে ।
দিল্লীত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৪৭ জন বিষয়া আৰু জোৱান এই ভাইৰাছৰ কবলত পৰিছে ।তাৰে এজন বিষয়াৰ ইতিমধ্যে মৃত্যু ঘটিছে। উল্লেখ্য যে মৃত বিষয়াজন অসমৰ বৰপেটা জিলাৰ বৰবৰীৰ ইক্ৰাম হুছেইন। এই সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট বেটেলিয়নটোৰ কমেও এহেজাৰজনকৈ কোৱাৰেন্টাইনত ৰখা হৈছে ।মহাৰাষ্ট্ৰত ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহ গতি আজিও অব্যাহত আছে। ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা আজি ৯,৯১৫ জনলৈ বৃদ্ধি হয় ৷আনহাতে মৃত্যু হয় ৪৩২ জনৰ ।
Exit mobile version