নিলামত বিক্ৰী হ’ব জোনবাইৰ দেশৰ পৰা খহি পৰা এটি প্ৰস্তৰ খণ্ডৰ । ইয়াৰ বাবে নিলামৰ প্ৰাথমিক মূল্য হৈছে ২০লাখ পাউণ্ড । লণ্ডনৰ ছায়েন্স এণ্ড নেচাৰেল হিষ্ট’ৰীৰ মুৰব্বী জেমছ হিছল’পে এই কথা জনাইছে । উল্লেখ্য যে বৰ্তমানে পৃথিৱীত থকা চন্দ্ৰৰ প্ৰস্তৰ খণ্ড সমূহৰ ভিতৰত এই শিল টুকুৰা পঞ্চম সৰ্ববৃহৎ। ইয়াৰ ওজন ১৩কেজি পাঁচশ গ্ৰাম । হয়তো কোনো গ্ৰহাণু বা ধুমকেতোৰ স’তে খুন্দা খোৱাৰ ফলতে চন্দ্ৰৰ পৰা এই শিলৰ টুকুৰাটো উফৰি আহি ছাহাৰা মৰুভূমিত পৰাৰ ধাৰণা কৰা হৈছে । চন্দ্ৰৰ এই প্ৰস্তৰ নাম ৰখা হৈছে ‘এন ডব্লিউ এ-১২৬৯১’।
উল্লেখ্য যে পৃথিৱীত সকলো মিলাই এতিয়ালৈকে ৬৫০ কেজি চন্দ্ৰৰ শিল আছে । সেই বাবেই এই নিলামে বিশেষ গুৰুত্ব লাভ কৰিছে । এই নিলাম সম্পৰ্কে ছায়েন্স এণ্ড নেচাৰেল হিষ্ট’ৰীৰ মুৰব্বী হিছল’পে কয়, ‘আন গ্ৰহৰ পাত্থৰ নিজ হাতে স্পৰ্শ কৰাৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰি । এই পাত্থৰ কাৰোবাৰ হাতত পৰিলে তেওঁৰ অন্যধৰণৰ অনুভূতি হোৱাটো নিশ্চিত । পৃথিৱীতে বহি আপুনি হাতত ল’ব চন্দ্ৰৰ পাত্থৰ । নিশ্চিতভাৱে অন্য ধৰণৰ আনন্দ হ’ব ।’ হিছল’পে লগতে জনায় যে এই শিলাখণ্ডৰ আকাৰ মানুহৰ মূৰতকৈ ডাঙৰ ।
১৯৬০ আৰু ১৯৭০ ৰ ভিতৰত চন্দ্ৰলৈ একাধিকবাৰ এপ’ল’ মহাকাশ যান গৈছিল । এই অভিযানৰ সময়ত মহাকাশচাৰীসকলে চন্দ্ৰৰ পৰা চাৰিশ কেজি ওজনৰ শিল কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । সেই শিলবোৰ ৰ স’তে ছাহাৰা মৰুভূমিত উদ্ধাৰ হোৱা এই পাত্থৰৰ অনেক মিল আছে বুলি হিছল’পে জানিবলৈ দিছে ।
