ইটালীত গৃহবন্দীক পিজ্জা বিতৰণ চেম্পিয়ন চাইক্লিষ্ট দল ভিনি-জাবুৰ 

cyclist1 1587894276
কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুজঁখনত এইবাৰ সৈনিকৰ ৰূপত অৱতীৰ্ণ হৈছে ইটালীৰ চেম্পিয়ন চাইক্লিষ্ট উমবেৰ্তো মাৰেগনোৰ । বৰ্তমান সময়ত এই চাইক্লিষ্টজনে ‘গিৰো দ্য ইটালীয়া’ত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা আছিল; কিন্তু কৰ’না সংক্ৰমণে সকলো কথা ওলট-পালট কৰি দিলে ।মাৰেগনোৰে বন্ধ ৰাখিবলগীয়া হ’ল দৈনন্দিন অনুশীলন । নিজকে পূৰ্ণ সক্ষম কৰি ৰাখিবলৈ মাৰেগনোৰে বাছি ল’লে অন্য এটি পথ। সময়ৰ স’তে মিলাই চাইক্লিষ্টজনে গৃহবন্দী জনসাধাৰণৰ মাজত চাইকেলেৰে পিজ্জা-পাস্তা আদি বিতৰণৰ সিদ্ধান্ত লয়।
মাৰেগনোৰ আৰু নিজৰ ইটালীয়ান দল ভিনি-জাবু কেটিনসে সম্পূৰ্ণ ব্যক্তিগত উদ্যোগতেই গৃহবন্দীসকলৰ কাষলৈ খাদ্য লৈ যোৱাত ব্যস্ত আছে ।মাৰেগনোৰে কয় যেতিয়া তেওঁলোকে পিজ্জা লৈ প্ৰথমে ওলাই পৰে সেই সময়ত তেওঁলোকক দেখি বহুজনেই অবাক হৈ পৰিছিল । মাৰাগনোৰে কয় ‘তলাবন্ধৰ সময়ত দৈনিক প্ৰায় ৩০টাৰো অধিক পৰিয়ালৰ মাজত পিজ্জা যোগান ধৰিবলৈ সক্ষম হওঁ । আমাৰ দৈনন্দিন প্ৰশিক্ষণত এনে ধৰণৰ কোনো কামৰ সম্পৰ্ক নাই যদিও আমি চেষ্টা কৰিছো দ্ৰুতভাৱে খাদ্য বিতৰণ কৰিবলৈ।’
উল্লেখ্য যে মাৰেগনোৰে দৈনিক অনুশীলন কৰা শৰীৰচর্চা কেন্দ্ৰটো বৰ্তমান বন্ধ হৈ আছে । ইয়াৰ পাছত দৈনিক অনুশীলনৰ বাবে নতুন প্ৰশিক্ষক বিচাৰিবলৈ লয় মাৰেগনোৰে; কিন্তু খাদ্য বিতৰণত জড়িত হৈ পৰাত অনুশীলনৰ বাধা কিছু হ’লেও আঁতৰ হোৱা বুলি ব্যক্ত কৰে মাৰেগনোৰে ।
Exit mobile version