তলাবন্ধত বৃহৎ ক্ষতিৰ সন্মুখীন শব্দযন্ত্ৰী-কৰ্মচাৰী

সমগ্ৰ দেশজুৰি অব্যাহত থকা তলাবন্ধই ৰাইজক ৰোগৰ পৰা বচালেও ভোকৰ পৰা পৰিত্ৰাণ দিব পৰা নাই । এই তলাবন্ধৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ  লগতে শব্দযন্ত্ৰী সকলৰ জীৱনলৈকো চৰম দুৰ্যোগ নমাই অনা পৰিলক্ষিত হৈছে । প্ৰায় চল্লিশটা দিন ব্যৱসায়ী সকলৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত শব্দযন্ত্ৰৰ(চাউণ্ডছেট) ব্যৱসায়ৰ লগত জড়িত লোক সকলৰ লগতে তেওঁ লোকৰ অধীনত দিন হাজিৰাৰ শ্ৰমিক হিচাপে কাম কৰা  কলাকুশলী-কৰ্মচাৰী সকলৰো জীৱিকা বন্ধ হৈ আছে । যাৰ ফলত তেওঁলোক বহু অসুবিধাৰ সন্মুখীন হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শব্দযন্ত্ৰী সকলৰ লগতে নগাঁৱতো এই ব্যৱসায়ৰ লগত উতঃপ্ৰোত ভাৱে জড়িত লোক সকল বৰ্তমান চৰম হতাশা আৰু দুৰ্ভাৱনাৰ মাজেৰে ঘৰতে  আৱদ্ধ হৈ থাকিব লগাত পৰিছে ৷  তলাবন্ধৰ ফলত সমগ্ৰ অসমবাসীয়ে প্ৰথম বাৰৰ বাবে ৰঙালী বিহু উদযাপন কৰিব নোৱাৰিলে ৷ অসমত বছৰটোৰ এই ৰঙালী বিহুৰ পৰা আৰম্ভ কৰি জেঠৰ মাজভাগলৈকে এই শব্দযন্ত্ৰী, কলাকুশলী  সকলে সম্পূৰ্ণ বছৰটোৰ বাবে উপাৰ্জন কৰি লোৱাৰ উপযুক্ত সময় ৷ কিন্তু তলাবন্ধৰ ফলত এইবাৰ তেওঁ লোকে জীৱিকাৰ বাট প্ৰশস্ত কৰিব নোৱাৰিলে ।

জিলা খনৰ শতাধিক ব্যক্তি-উদীয়মান শিক্ষিত যুৱক শব্দযন্ত্ৰৰ এই ব্যৱসায়ৰ লগত জড়িত হৈ নিজৰ পৰিয়ালৰ লগতে আন দহ জনৰ পৰিয়ালকো উপাৰ্জনৰ পথ মুকলি কৰি দিছিল ৷  বছৰটোৰ বাবে বিভিন্ন বিহু মঞ্চত শব্দযন্ত্ৰ সমূহ ভাড়ালৈ দি এইখনি সময়তেই গোটেই বছৰটোৰ বাবে অৰ্থ উপাৰ্জন কৰে শব্দযন্ত্ৰৰ ব্যৱসায়ৰ লগত জড়িত সকলে ৷ নগাঁও জিলাৰ বহু কেইজন উদীয়মান শিক্ষিত যুৱক যি শব্দযন্ত্ৰী, তেওঁ লোকে আজিৰ এই তলাবন্ধৰ ভয়াৱহ পৰিস্থিতিত বৃহৎ ক্ষতিৰ সন্মুখীন হৈ হতাশ হব লগাত পৰিছে ৷

 

নগাঁৱৰ বৰঘাট-মাহলোৰ জুৰীয়া নিৱাসী এগৰাকী উদীয়মান শিক্ষিত যুৱক তথা নিউ মেলডি্ চাউণ্ডৰ স্বত্ৰাধিকাৰী তথা নগাঁও জিলা চাউণ্ড এছ’চিয়েছনৰ  সম্পাদক নৃপেন শইকীয়া আৰু সভাপতি লোহিত বৰাৰ পৰা জানিব পৰা মতে, “২০২০ বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই বৰ্তমান সময়লৈ শব্দযন্ত্ৰী সকল আৰু এই কামৰ সৈতে  জড়িত অন্য সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে ৷ জানুৱাৰী মাহত “কা” বিৰোধী আন্দোলনৰ বাবে বহু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোবাৰিলে ৷ এতিয়া পুনৰ কৰ’না আতংক আৰু তলাবন্ধৰ ফলত কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাই ৷ শব্দযন্ত্ৰী ব্যৱসায়ৰ লগত জড়িত শিল্পী-কলাকুশলী -স্বত্বাধিকাৰী সকলৰ বাবে এই সময়চোৱা অতিকৈ ব্যস্ততাৰে ভৰা সময় আৰু অৰ্থ উপাৰ্জনৰ এক সোনালী সময় ৷ যিহেতু আমি কণ্ঠশিল্পী সকলৰ লগত এই ব’হাগ মাহতে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ লগতে লক্ষীমপুৰ, ধেমাজী, ঢকুৱাখানা, কাৰ্বি-আংলং, মৰিগাঁও, হোজাই, লামডিং, কাকী, লংকা, কলিয়াবৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান সমূহত ঘুৰি ফুৰিব লগা হয় আৰু সেই সাংস্কৃতিক অনুষ্ঠানত লাভ কৰা টকাৰে গোটেই বছৰটো চলিব লাগে ৷ একোটা অনুষ্ঠানত লাভ কৰা টকাৰে আকৌ আমাৰ প্ৰতিষ্ঠানত কৰ্মৰত ৮-১০ জন কৰ্মচাৰীকো চলাব লগা হয় ৷ সেই সকলো আজি কৰ্মহীন ৷”

 

দেশৰ সৰ্বত্ৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰা কৰ’না আতংক তথা তলাবন্ধৰ সময়ত শব্দযন্ত্ৰী ব্যৱসায়ৰ লগত জড়িত নগাঁৱৰ ভিন্ন প্ৰান্তৰ শব্দযন্ত্ৰী শিল্পীসকল ক্ৰমে শিল্পী পেঞ্চন প্ৰাপ্ত গোপাল শৰ্মা, মনোৰঞ্জন বৰা , (দুয়ো বৰ্তমান শাৰীৰিক ভাৱে বাধাগ্ৰস্ত) প্লাৱন জ্যোতি বৰা, জিতেন বৰা, দ্বীপমনি শইকীয়া, দিগন্ত মেধি, নাথুৰাম বৰা, নানু বৰা, প্ৰাঞ্জল লস্কৰ, দিগন্ত কুমাৰ নাথ, প্ৰবিন লস্কৰ, সোন্টি কোঁৱৰ, উৎপল শইকীয়া, দ্বীপজ্যোতি হাজৰিকা, বুবুল আলী, ভূপেন গগৈ, জিতুমনি, নৱ বৰা, কল্যাণ (বাবু), নৃপেন শইকীয়া, কংকন নাথ, মিলন বৰা, ৰঞ্জিত শৰ্মা আদি আজি চৰম সংকটত ৷ এই সকল শব্দযন্ত্ৰী শিল্পীৰ জীৱনলৈ বৰ্তমান নামি আহিছে ঘোৰ অমানিশা ৷ এই সকল শিল্পীয়ে নিজৰ ভৰিত নিজে থিয় হৈ অৰ্থ উপাৰ্জনৰ লক্ষ্যৰে বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংক,ফাইনেঞ্চ কোম্পানিসমূহৰ পৰা লাখ লাখ টকা ঋণ লৈ মূলৱান ভিন্ন প্ৰকাৰৰ শব্দযন্ত্ৰৰ সামগ্ৰী সমূহ ক্ৰয় কৰি এতিয়া উপাৰ্জনহীন হব লগীয়া হৈ বেংকৰ ঋণ ঘুৰাই দিয়াৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হব লগাত পৰিছে ।

 

ব’হাগৰ এই বতৰত এই সকল শব্দযন্ত্ৰী শিল্পীয়ে একোটা সাংস্কৃতিক অনুষ্ঠানৰ পেণ্ডেলৰ পৰা ১৫-২০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৩৫-৫০ হাজাৰ টকা পৰ্যন্ত লাভ কৰি আহিছিল ৷ লগতে নিজৰ পৰিয়ালৰ ওপৰি কৰ্মচাৰী সকলৰ আঠ-দহটা পৰিয়ালো সুচাৰুৰূপে চলি আহিছিল ৷ কিন্ত, এই তলাবন্ধৰ প্ৰভাৱত নগাঁৱৰ শব্দযন্ত্ৰী শিল্পী সকল এক লাখ টকাৰ পৰা আৰম্ভ কৰি প্ৰায় দহ-বাৰ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হব লগাত পৰিছে বুলি জানিব পৰা গৈছে ৷

Exit mobile version