কৰ’না যুদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন দেশৰ স্থল, নৌ আৰু বায়ুসেনা প্ৰধানৰ : অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যাম

BIPINRAWAT

দেশৰ মূখ্য প্ৰতিৰক্ষা সচিৱ জেনেৰেল বিপিন ৰাৱটৰ লগতে স্থলসেনাৰ মূৰব্বী জেনেৰেল এম এম নাৰাৱানে, নৌ সেনাৰ মূৰব্বী এডমিৰেল কৰমবীৰ সিং, বায়ুসেনাৰ মূৰব্বী এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এচ ভাডুৰীয়াই দিল্লীত শুক্ৰবাৰে এক সাংবাদিক মেল সম্বোধন কৰি কৰ’না যোদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিজ্ঞাৱদ্ধ হৈছে।মূখ্য প্ৰতিৰক্ষা সচিৱ জেনেৰেল বিপিন ৰাৱটে কয় যে চলিত বৰ্ষৰ২৪ মাৰ্চৰ পৰা বৰ্তমানলৈকে ল’কে প্ৰতিজন ভাৰতীয়ই বহু ত্যাগ কৰিছে।

ADVERTISEMENT

বহুতে তলাবন্ধ মানি ঘৰৰপৰা কাম কৰি আছে। কিন্তু বহু ভাৰতীয় কৰ’না যোদ্ধাই নিজৰ জীৱন বিপন্ন কৰিও প্ৰতিদিনে ঘৰৰ পৰা ওলাই গৈ জনসাধাৰণৰ বাবে বিদ্যুতকে ধৰি পানী, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি আছে। ৰাস্তা-ঘাট পৰিষ্কাৰ কৰিছে। আইন-শৃংখলা সুনিশ্চিত কৰিছে। কোনো ৰোগীয়ে যাতে চিকিৎসাৰ পৰা বঞ্চিত নহয়, তাৰবাবে অহোৰাত্ৰি কাম কৰিছে। কোনো ভাৰতীয় বিদেশত যদি ৰৈ গৈছে তেওঁলোকক ঘূৰাই আনি উপযুক্তভাৱে ৰখাৰ ব্যৱস্থা কৰিছে। এই সকলো চিকিৎসক, নাৰ্ছ, আৰক্ষী, সংবাদদাতা সকলো কৰ’না যোদ্ধাই নিজৰ জীৱন বিপদাপন্ন বুলি জানিও দেশক মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে।

আমি এই কৰ’না যোদ্ধাসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছো।মূখ্য প্ৰতিৰক্ষা সচিৱজনে কয় যে ভাৰত চৰকাৰৰ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বিশাল প্ৰচেষ্টাক দেশৰ নাগৰিকে মানি লৈ দেশৰ সুৰক্ষা সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু সেয়ে আমাৰ দেশে বিশ্বৰ আন বহু দেশতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে।তেওঁ লগতে কয় যে সশস্ত্ৰ বলে দুটা নীতিৰে ক’ভিড-১৯ ৰ লগত যুঁজ দিছে – এটা হৈছে বলপূৰ্বক সুৰক্ষা আৰু আনটো অসামৰিক কৰ্তৃপক্ষৰ প্ৰতি সহযোগিতা। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এতিয়ালৈকে কোনো সেনাবাহিনীৰ লোক কৰ’নাৰদ্বাৰা আক্ৰান্ত হোৱা নাই আৰু যদি কেনেবাকৈ কোনোবা আক্ৰান্ত হয়, তেওঁলোক তাৰবাবে প্ৰস্তুত। অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিজ্ঞাৱদ্ধ হৈছে।

Exit mobile version