কৰ’না ভাইৰাছে যি আতংকৰ সৃষ্টি কৰিলে,সিয়ে আমাক দুটা দিশ দিলে ৷এটা হ’ল আমি আতংকত ভুগিলো আৰু তাৰ কাৰণে বহুতৰ কাৰণে সহনীয় আৰু বহুতৰ কাৰণে অসহনীয় আমি অকণমান নিজৰ সময় লাভ কৰিলো ৷সুদীৰ্ঘ এমাহ কেনেকৈ পাৰ কৰিলো সেই কথা যদি মনত পেলাওঁ,তেতিয়া মোৰ এনে লাগে যেন আগতকৈ মই বহুত বেছি ব্যস্ত হৈ পৰিলো ।এই এমাহ মোৰ কাৰণে বিচিত্ৰ সময়।এই কাৰণেই বিচিত্ৰ যে তলাবন্ধৰ সময়ছোৱাত মই বহুত ধৰণে ব্যস্ত হৈ পৰিলো ৷যেনে-লিখা পঢ়া ইত্যাদিতো আছে,ঘৰুৱা কামতো আত্মনিয়োগ কৰাৰ সুযোগ পালো ৷যেতিয়া আমাৰ দৰে মহিলাই কৰ্মব্যস্ততা আৰু পৰিয়ালৰ ভৰপূৰ অৱস্থাত একালত কৰাৰ দৰে আমি ঘৰৱা কাম নকৰো ৷
এসময়ত ল’ৰা ছোৱালী সৰু আছিল,আমাৰ বয়স কম আছিল,ঘৰখন তদাৰক কৰিছিলো। তেতিয়া ঘৰুৱা কাম বেছিকৈ কৰিছিলো ৷কিন্তু সময়ৰ লগে লগে জীৱনৰ ধাৰাটো মোৰ সলনি হৈ পৰিছিল। কৰ্মব্যস্ততা,বিশ্ববিদ্যালয়লৈ অহা যোৱা কৰা,লেখা মেলা কৰা,মেল মিটিঙত অংশ লোৱা এইবিলাকত বেছি ব্যস্ত হৈ পৰিছিলো ।হাতৰ লাচতে কিবা কিবি কাম কৰিছিলো নিশ্চয় ।কিন্তু এইকেইটা দিনত মই একেবাৰে মন পুতি আগৰ দিনবিলাকৰ দৰে ৰান্ধনী ঘৰত সোমালো। এয়া মোৰ কাৰণে পাহৰি পেলোৱা অভিজ্ঞতা ।তলাবন্ধৰ সময়ছোৱাত পুনৰ ৰান্ধনী ঘৰত সোমোৱাতো মোৰ কাৰণে হেৰুৱা দিন ঘুুৰাই পোৱাৰ দৰে লাগিছে ।
এই সময়ত মই পৰিয়ালক মনে বিচৰাকৈ এসাজ খুওৱাৰ সুযোগ পাইছো। লগতে মই এইসময়ত কিছুমান কিতাপ গোটাই লৈছিলো। আগতে পঢ়া যদিও নতুনকৈ পঢ়িবলৈ ভাল পাইছো বাংলাদেশৰ প্ৰখ্যাত লেখক আদিত্য মল্ল বৰ্মনৰ “তিতাম একটি নদীৰ নাম” গ্ৰন্থখন। এইখন এখন অপূৰ্ব গ্ৰন্থ। ইয়াৰোপৰি কল্পনা লাজমীয়ে ড° ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত আধাৰিত গ্ৰন্থখল পঢ়িলো ।ইয়াৰ মাজতে চাৰি পাঁচটামান সৰু সৰু প্ৰৱন্ধ লিখিলো ৷বিভিন্ন বাতৰি কাকতত প্ৰকাশ হৈছে ।তাৰ মাজতে তলাবন্ধক লৈ গৃহবন্দীৰ দিনলিপি শীৰ্ষক কবিতা এটিও লিখি উলিয়ালো। এই সময়ত মই,স্বামী,ল”ৰা আৰু মোৰ বোৱাৰীয়ে মিলি বছা বচা চিনেমা চাইছো ৷যিটো একেবাৰে নহয়। ইৰফান খানৰ মৃত্যুত বৰ দুখ পালো ৷
প্ৰতিদিনে সন্ধ্যা গান শুনিছো ।গান শুনাতো মোৰ পুৰণি অভ্যাস ।লগতে পঞ্চায়ত নামৰ ৱেব ধাৰাবাহিক এখন চালো ৷মাজে মাজে দুৰদৰ্শনত ৰামায়ণো চাইছো ৷কিন্তু ৰামায়ণ চাই আগৰ দৰে ভাল নালাগে। ভাল পাওঁ এনিমেচন ছবি”জংঘল বুক” চাই ।শিশুৰ মনটো বুজি পাওঁ কাৰণে শিশু কেন্দ্ৰীক ছবি চাই ভাল পাওঁ ৷এই খিনি সময়ত এনেকুৱা অনুভৱ হৈছে যে আমি পৰিয়ালৰ সকলো একেলগে আছো ৷এইটো মোৰ ডাঙৰ অনুভৱ ৷কাৰণ মোৰ স্বামী শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৷ তেওঁ বৰ ব্যস্ত মানুহ ।মই সেইখন বিশ্ববিদ্যালয়ে অধ্যাপক ৷
আমি দুয়ো নগাঁৱতে থাকো যদিও এতিয়া ল’ৰা বোৱাৰী সকলো ডিব্ৰুগড়ৰ ঘৰখনতে আছো ৷আন এহাল ল’ৰা বোৱাৰী মুম্বাইত থাকে ৷তেওঁলোকৰ লগতো ভিডিঅ’ কলৰ জৰিয়তে কথা পাতো ৷মোৰ স্বামীয়ে এই সময়ত ঘৰৰ বাৰীত কাম কৰি আছে ।ফুলৰ আপডাল কৰিছে ৷পাচলিৰ বীঁজ সিচিছে ৷আৰু মই পাকঘৰ চম্ভালো ।অৱশ্যে এই সময়ত মোৰ এটা বেয়া অভ্যাস গঢ় লৈ উঠিছে ৷মোবালটো হাতত নহ’লে নচলেই ৷ সকলোৰে খবৰ লওঁ হুৱাটছ এপৰ জৰিয়তে ৷ কৰ’না ভাইৰাছক প্ৰথমতে গুৰুত্ব দিয়া নাছিলো যদিও বিগত বৰ্ষৰ পৰাই মোৰ ডাঙৰ বোৱাৰীয়ে সতৰ্ক কৰি দিছিল ।বোৱাৰীজনী বেছি ছিৰিয়াছ বুলি গুৰুত্ব দিয়া নাছিলো ৷
কিন্তু এতিয়া কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাত লাহেকৈ বুজিছো ৷চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলিলে কৰ’না জয়ী কৰটো নিশ্চিত ।কিন্তু দুখ লাগিছে মানুহৰ অজ্ঞনতা দেখি ৷দলে দলে মানুহবোৰ বাটলৈ কিয় ওলাই আহে সেয়া ভাবিলে দুখ লাগে। ডিব্ৰুগড়ত মই থকা ঠাইত সন্ধ্যা হ’লেই সকলো ওলাই আহে ৷সামাজিক দূৰত্ব মানি নচলে ,মাস্ক পৰিধান নকৰে। এইবোৰে যে আনৰো আতংকৰ কাৰণ সেই কথা নুবুজাটোৱে মোক দুখ দিয়ে। গতিকে মই ভাবো কিছুদিন তলাবন্ধৰ কঠোৰভাৱে অব্যাহত থকা উচিত ।তলাবন্ধ খুলিলে মানুহৰ বিপদ আহিব। অৱশ্যে অৰ্থনীতিৰ কথা ভাবিলে তলাবন্ধ খুলিব লাগে বুলি মই ভাবো। সচেতনতা বৃদ্ধিৰ কাৰণে কিছুমান সংগঠনেও আগভাগ লোৱা উচিত ।ব্যক্তিগতভাৱে মই ভয় খাইছো আৰু বহু আপোন সময়ো মই বিচাৰি পাইছো তলাবন্ধৰ সময়ত ৷এতিয়া মই শৈক্ষিক কামত মনোনিৱেশ কৰিম।
ADVERTISEMENT