তামুলপুৰত নাহৰফুটুকীৰ মৃত্যু ■ মৃত বাঘটোৰ আক্ৰমণত আহত এজন

TAMULPUR

তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰিজুলিৰ ইক্ৰাবিলত শনিবাৰে পুৱা এটা নাহৰফুটুকীয়ে অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰে । তলাবন্ধৰ সময়ত ইক্ৰাবিল গাওঁৰ কে’বাজনো যুৱকে গাওঁ খনৰ এঘৰৰ বাহিৰৰ পাচফালে বাঘটো দেখি প্ৰথমতে লতা মাকৰি বুলি খেদি যায় যদিও বাঘটোৱে ওলোটাকৈ যুৱক কে’জনক খেদি অহাত ইচমাইল চৰেন নামৰ যুৱক এজন বাঘটোৰ আক্ৰমনত গুৰুতৰ ভাৱে আহত হয়় ৷ আনহাতে গাওঁখনত বাঘ ওলোৱা খবৰ বনজুইজৰ দৰে বিয়পি পৰাত শ শ লোক বাঘ চাবলৈ ওলায় আহে ৷

বাঘ ওলোৱা খবৰ পোৱাৰ লগে লগে কুমাৰীকাটা বন বিভাগৰ এটা দল আৰু নাগ্ৰিজুলি আৰক্ষীৰ ঘটনীস্থলীত উপস্থিত হয় ৷ কিন্তু আৰক্ষী তথা বন বিভাগৰ লোকে বাধা দিয়াৰ পিছতো একাংশ স্থানীয় লোকে বাঘটো ভূটান পাহাৰৰ দিশে খেদি লৈ যোৱাত বাঘটো এঘৰৰ বাৰীৰ বেৰত লাগি আবদ্ধ হৈ পৰে ৷ আবদ্ধ হৈ পৰা নাহৰীফুটুকী বাঘটো বহু লোকে হেচা মাৰি ধৰাত বাঘটো আঘাত প্ৰাপ্ত হয় আৰু শেষত ৰহস্যজনক ভাৱে বাঘটোৰ মৃত্যু হয় ৷ বন বিভাগৰ লোকে সদৰি কৰা মতে ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নাহৰীফুটুকীটো অঞ্চলটোত প্ৰবেশ কৰিছিল আৰু বাঘটো কেবা দিনো ভোকাতুৰ আছিল ৷ পিছত আৰক্ষী তথা বন বিভাগৰ লোকে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লে লৈ যায় ৷ ইপিনে বাঘটোৰ অকাল মৃত্যুত স্থানীয় সচেতন প্ৰকৃতি প্ৰেমী সকলে দুখ প্ৰকাশ কৰিছে |

Exit mobile version