বংগৰ কামাখ্যাগুৰিত বোমা বিস্ফোৰন◆পাঁচজন আহত◆ দুজন সংকটজনক

bomb
চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ কামাখ্যগুৰিত শনিবাৰে পুৱা সংঘটিত এক বোমা বিস্ফোৰনত পাঁচ জনকৈ যুৱক আহত হয় ৷ আহত সকলৰ দুজনৰ অৱস্থা গুৰুতৰ ৷ আহত সকল হৈছে কামাখ্যাগুৰিৰ  প্ৰশান্ত বৰ্মন (১৪), তন্ময় বৰ্মন (২১), লিটন দাস(২২), ৰাহুল দাস (২৩) আৰু অলকেশ বৰ্মন।
কামাখ্যাগুৰি চুপাৰ মাৰ্কেট এলেকাৰ নিৱাসী নবীন বৰ্মনৰ পুত্ৰ তন্ময় বৰ্মনে সতীৰ্থ সকলক লৈ মাছ মাৰিবলৈ বোমা প্ৰস্তুত কৰি আছিল ৷তেনে সময়তে প্ৰকান্ড শব্দৰে বোমাটো বিস্ফোৰিত হয়। ফলত তন্ময় বৰ্মন আৰু তেওঁৰ ভাতৃ প্ৰশান্ত বৰ্মন সহ আন তিনজন যুৱক আহত হয় ৷
আহত সকলক ততাতৈয়াকৈ কামাখ্যগুৰি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে ৰাহুল দাস আৰু তন্ময় বৰ্মনৰ অৱস্থা গুৰুতৰ হোৱাত দুয়োকে আলিপুৰদুৱাৰ জিলা চিকিৎসালয়ত প্ৰেৰণ কৰা হয় ৷
Exit mobile version