বজালীত কৰ’না ভাইৰাছৰ সমূহীয়া সংক্ৰমণৰ আশংকা

coronavirus14

অসমত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৪২ জনলৈ৷ এই সময়তে বজালীত কৰ’নাৰ সমূহীয়া সংক্ৰমণৰ আশংকা কৰিছে প্ৰশাসনে । ইতিমধ্যে কৰ’না ভাইৰাছৰ সমূহীয়া সংক্ৰমণৰ আশংকা কৰি প্ৰশাসনে ১৩ জনক কোৱাৰেন্টাইন কৰিছে ৷ এই লোককেইজনে কাবেৰী দুগ্ধ সমবায়ৰ ভ্ৰাম্যমান মাৰুতি ভানেৰে মিঠাই বিক্ৰী কৰিছিল৷বঙাইগাঁৱত কোৱাৰেন্টাইন হোৱা স্বাস্থ্য কৰ্মী ৰুদ্ৰ বৰ্মনৰ তত্ত্বাৱধানত এই ১৩ জন লোকক কোৱাৰেন্টাইন কৰা হৈছে ৷

আনহাতে, ৰুদ্ৰ বৰ্মনৰ ভাতৃ অনুপ বৰ্মনে পাঠশালাত মিঠাই ক্ৰয় কৰিছিল কাবেৰী দুগ্ধ সমবায়ৰ ভ্ৰাম্যমাণ মাৰুতি ভানেৰে ৷ ইফালে পাঠশালাৰ বিভিন্ন স্থানত মাৰুতী ভানে খনেৰে মিঠাই বিক্ৰী কৰিছিল লোককেইজনে ৷ উল্লেখযোগ্য যে, কৰ’না ভাইৰাছৰ সমূহীয়া সংক্ৰমণৰ ভিত্তিত কোৱাৰেন্টাইন কৰা লোক সকল হৈছেঃ

1. সমৰেন্দ্ৰ বৰ্মন (  বিছানকুছি)

২.তপন দাস ( বিছানকুছি)

3. চবিন ৰয় ( নিত্যানন্দ, পানবাৰী)

4.দীপক চৌধুৰী ( বৰবাং)

5. শৈলেন কলিতা  ( ৰতনপূৰ)

6. ৰাকেশ কলিতা  ( ৰতনপুৰ)

7. দ্বীজেন দাস ( নিত্যানন্দ)

8. প্ৰদীপ ঘোষ ( ৰাজঘাট)

9. মন্টু ঘোষ ( ৰাজাঘাট)

10.লাচিত ঘোষ ( ৰাজঘাট)

11. ধীৰাজ মহন্ত ( ৰতনপুৰ)

12. হিমাংশু তালুকদাৰ ( বদনকুছি)

13. বিৰিঞ্চি দাস ( পিপলা)

Exit mobile version