মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী বাসগৃহৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনি নিৰাপত্তাৰক্ষী কৰ’নাত আক্ৰান্ত

uddhav thackeray
অপ্ৰতিৰোধ্য ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহৰ নিৰাপত্তাত নিয়োজিত তিনি  নিৰাপত্তাৰক্ষী | ৰাজ্যখনত দ্ৰুতগতিত কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাই আহিছে আৰু শেহতীয়াকৈ তিনিজন নিৰাপত্তা ৰক্ষীৰ দেহত ধৰা পৰিছে কোভিড-১৯ | যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাই এতিয়া ৰাজ্যখনত আতংক সৃষ্টি কৰিছে। উল্লেখ্য যে পূৰ্বে দুজন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছিল কোৰোনা ভাইৰাছ। পুনৰ এজন নিৰাপত্তাৰক্ষীৰ দেহত এনেদৰে কোৰোনা ভাইৰাছ ধৰা পৰাৰ পাছত আতংকই বিৰাজ কৰিছে |
ADVERTISEMENT
Exit mobile version