স্বাস্থ্যকৰ্মীৰ বাবে ধন সংগ্ৰহ কৰা বৃদ্ধক এশ বছৰীয়া জন্মদিনত বিশেষ সন্মান

tom mur

মাত্ৰ কিছুদিনৰ পূৰ্বেই খবৰৰ শিৰোনামলৈ উঠি আহিছিল ব্ৰিটেইনৰ এজন বৃদ্ধ লোক ।এতিয়া এশ বছৰ সম্পূৰ্ণ কৰি পুনৰ চৰ্চালৈ আহিছে ব্ৰিটেইনৰ প্ৰাক্তন সেনা কেপ্তেইন টম মূৰ।কৰ’না সংকটৰ মুহূৰ্তত দেশৰ স্বাস্থ্যকৰ্মী সকলৰ কাষত থিয় দিয়াৰ বাবেই কালি শতবৰ্ষত ভৰি দিয়া বৃদ্ধজনক ৰাষ্ট্ৰীয় ভাৱে সন্মানিত কৰা হয় ।উল্লেখ্য যে কৰ্কট ৰোগৰ লগতে ভঙা নিতম্বৰ চিকিৎসাতো তেওঁ সফল হৈছিল।চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবেই কেপ্তেইন মূৰে এপ্ৰিলৰ মাজভাগত বিশেষ উদ্যোগ গ্ৰহণ কৰি তিনি কোটি পাউণ্ড সংগ্ৰহ কৰিছিল।সেই ধন দান দিয়া হয় ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এন এইছ এছ )ক ।

সম্প্ৰতি কৰ’না সংকটৰ সময়তে তেওঁৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকললৈ কৃতজ্ঞতা প্ৰকাশৰ লক্ষ্যৰে এন এইছ এছ লৈ পুঁজি সংগ্ৰহৰ সিদ্ধান্ত লয়।সেই মৰ্মে বৃদ্ধজনে নিজগৃহৰ বাগিচাত এশ পাক খোজকাঢ়ি প্ৰথমে এহেজাৰ পাউণ্ড সংগ্ৰহৰ চেষ্টা কৰিছিল।কিন্ত তেওঁৰ প্ৰচেষ্টাৰ কথা প্ৰচাৰিত হোৱাত বিভিন্ন জনে ধন দান দিয়াত নিৰ্দিষ্ট পৰিমাণতকৈ অধিক ধন সংগৃহীত হয়।যাৰ বাবে কেপ্তেইন মূৰে আৰু এশ পাক খোজকঢ়াৰ সিদ্ধান্ত লৈছিল।উল্লেখ্য যে ইয়াৰ বাবে বৃদ্ধ জনলৈ অহা আৰ্থিক অনুদান অব্যাহত থাকে ।

কালি তেওঁ এশ বছৰীয়া জন্মদিন পালন কৰাৰ সময়লৈ উক্ত প্ৰচেষ্টাৰ বাবদ এন এইছ এছৰ তহবিলত জমা হয় তিনি কোটি পাউণ্ডৰো অধিক ধন ।শতবৰ্ষত ভৰি দিলে যিকোনো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে ৰাণী দ্বিতীয় এলিজাবেথে ।প্ৰাক্তন সেনা বিষয়জনেও কালি লাভ কৰে ৰাণীৰ শুভেচ্ছাবাৰ্তা ।ইয়াৰ লগতে তেওঁলৈ এক লাখ ৪০হেজাৰ শুভেচ্ছাবাৰ্তা প্ৰেৰণ কৰিছে ব্ৰিটেইনৰ ডাকবিভাগ ৰয়েল মেইলে।কেপ্তেইন মূৰৰ সন্মানত ডাক বিভাগে চলিত সপ্তাহজুৰি এক বিশেষ ডাকচিহ্নও ব্যৱহাৰ কৰিছে ।

তেওঁৰ বাসগৃহৰ সন্মুখত স্থাপন কৰিছে এটা ডাঙৰ আকাৰৰ প’ষ্টবক্স।এন এইছ এছৰ ৰঙৰ স’তে ৰজিতা খুৱাই প’ষ্টবক্সটোৰ ৰঙো নীলা ।তাতে আছে জন্মদিনৰ শুভেচ্ছা আৰু সোণালী ৰঙৰ বেলুনৰ ছবি ।লণ্ডনৰ পিকাডেলীত এক বিশেষ পৰ্দাত কেপ্টেইন মূৰক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা হয় ।বেডফ’ৰ্ডস্বায়াৰত তেওঁৰ বাসগৃহৰ ওপৰেদি কালি পুৱা উৰি যায় দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত দুখন যুদ্ধ বিমান।এন এইছ এছৰ কাষত থিয় দিয়াৰ বাবেও তেওঁক বিশেষভাৱে সন্মানিত কৰা হ’ব বুলি ঘোষণা কৰিছে ।ইংলেণ্ড ক্ৰিকেট দলৰ টুপী এটা উপহাৰ দিয়ে ।অৱশ্যে প্ৰাক্তন সেনা বিষয়াজনে সবাতোকৈ আনন্দিত হৈ পৰিছে নিজৰ ৰেজিমেন্টৰ দ্বাৰা সন্মানিত কৰ্ণেল পদ লাভ কৰি ।।’এনে সান্মানিক পদৰ কথা মই কল্পনাই কৰিব পৰা নাছিলো।মই কেপ্টেইন টম হৈয়ে থাকিম ।কিন্তু মানুহে যদি মোক কৰ্ণেল বুলি মাতে, তেন্তে ধন্যবাদ জনাম।’

Exit mobile version