আজি ছ’চিয়েল মিডিয়াত একত্ৰিত হ’ব বলীউড -হলীউড

i for india 759
সমগ্ৰ বিশ্বত সম্প্ৰতি কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। যাৰ কাৰণে বিশ্বৰ বহু কেইখন দেশৰ লগতে ভাৰতবৰ্ষটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে তলাবন্ধ ঘোষণা কৰিছে ।এই সময়ত কৰ’না ভাইৰাছক লৈ সজাগতা সৃষ্টি কৰাৰ কাৰণে আজি বিয়লি ৭.৩০ বজাত এক অনলাইন অনুষ্ঠানত একত্ৰিত হ’ব বলীউড আৰু হলীউদ ।
“I For India” নামেৰে হোৱা এই অনুষ্ঠানটোত বলীউড তথা হলীউডৰ প্ৰায় ৮৫ জন চেলীব্ৰেটীয়ে অংশগ্ৰহণ কৰিব।  এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে কৰ’না ভাইৰাছৰ কাৰণে সাহায্য একত্ৰিত কৰা আৰু তলাবন্ধৰ কাৰণে ঘৰতে গৃহবন্দী হৈ থকা লোকসকলক মনোৰঞ্জন কৰা। ইপিনে বলীউডৰ পৰিচালক,প্ৰযোজক,অভিনেতা,বিচাৰক কৰণ জোহৰে ইতিমধ্যে ইনষ্টাগ্ৰামৰ জৰিয়তে এই অনুষ্ঠানৰ কথা সদৰী কৰিছে ।কৰণ জোহৰে লিখিছে” দুই সপ্তাহ পূৰ্বৰ পৰাই আমি দেশৰ সকলোতকৈ ডাঙৰ অনলাইন অনুষ্ঠানটোৰ প্ৰস্তুতি কৰিছো।
এই অনুষ্ঠানটোৰ জৰিয়তে গৃহবন্দী হৈ থকা লোকসকলক মনোৰঞ্জন লাভ কৰিব পাৰিব ।লগতে যিসকল লোকে কৰ’না ভাইৰাছ বিৰুদ্ধে দিন ৰাতি একাকাৰ কৰি আছে ,তেওঁলোককো আমি এই অনুষ্ঠানটোৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো। আনহাতে এই অনুষ্ঠানটোৰ জৰিয়তে  যিসকলৰ লোকৰ কোনো সংস্থাপন নাই,তেওঁলোকৰ কাৰণেও সাহাৰ্য একত্ৰিত কৰা হ’ব । ইপিনে সাহায্যৰ ১০০ শতাংশ দিয়া হ’ব ক’ভিড১৯ৰ চিকিৎসা কৰাত।” উল্লেখযোগ্য যে এই অনুষ্ঠানে “গিভ ইণ্ডিয়া” ৰ জৰিয়তে সাহায্য একত্ৰিত কৰিব। ২০ বছৰ পুৰণি “গিভ ইণ্ডিয়া” ৰ জৰিয়তে সাহাৰ্য একত্ৰিত কৰা হয় ৷ইয়াৰ সঞ্চালকজনৰ নাম হৈছে ভেংকট কৃষ্ণণ ।
ইয়াৰ জৰিয়তে প্ৰায় ১২৫০ তকৈ অধিক এন জি অ’ৰ ১৩ লাখতকৈ অধিক সাহায্য একত্ৰিত কৰা হয় ৷যাৰ প্ৰয়োগ সামাজিক কাৰ্যত কৰা হয়। কাৰণ কৰণ জোহৰ আৰু জ’য়া আখতাৰে “I For India” ৰ কাৰণে “গিভ ইণ্ডিয়া”ই কাম কৰি আছে।  এই অনুষ্ঠানত দেশ বিদেশৰ বিভিন্ন ষ্টাৰ ছুপাৰষ্টাৰসকলে ফেচবুকৰ জৰিয়তে লাইভ অনুষ্ঠান পৰিবেশন কৰিব ।ইয়াত শ্বাহৰুখ খান,কৰীনা কাপুৰ খান,আলিয়া ভাট্ট,এ আৰ ৰহমান,অৰিজিৎ সিং,অনুষ্কা শৰ্মা,ঋত্বিক ৰোশন,জয়া আখতাৰ,জাভেদ আখতাৰ,বিক্কী কোশল,মাধুৰী দিক্ষীতৰ উপৰিও হলীউডৰ নিক জ’নাছ,জো জ’নাছ,চফী ট’নাৰ,লিলী সিঙ আদিয়ে অংশগ্ৰহণ কৰিব ৷
Exit mobile version