কলিয়াবৰৰ চিকনি বৰহোলাত উদ্ধাৰ এটা প্ৰকাণ্ড মূগাফেঁটি

Kaliabor

কলিয়াবৰত দেওবাৰে উদ্ধাৰ হ’য় এটা প্ৰকাণ্ড মূগাফেঁটি | শিলঘাটৰ প্ৰকৃতিপ্ৰেমী সঞ্জীৱ ডেকাইলকলিয়াবৰৰ চিকনি বৰহোলাৰ পৰাল উদ্ধাৰ কৰে  প্ৰকাণ্ড মূগাফেঁটিটো । উল্লেখযোগ্য যে,  সাপটো উদ্ধাৰৰ পাছত কুকুৰাকটা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে। তলাবন্ধৰ মাজতে কলিয়াবৰৰ বিভিন্ন স্থানত সঘনে এনেদৰে বিষাক্ত সাপ ওলাই অহা পৰিলক্ষিত হৈছে ৷ সৰ্বত্ৰে নিমাওমাও পৰিবেশৰ মাজতে এনেদৰে সততে দেখিবলৈ নোপোৱা বিষাক্ত আৰু বিপন্নপ্ৰায় প্ৰাণীসমূহ জনাঞ্চললৈ ওলাই অহাৰ সন্দেহ ব্যক্ত কৰিছে প্ৰকৃতি প্ৰেমীসকলে ৷ ইফালে এই সময়ছোৱাতে এইজন যুৱকে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলৰ মাজত এৰি দিছে অৰ্ধশতাধিক বিভিন্ন প্ৰজাতিৰ সৰ্প ৷

Exit mobile version