তলাবন্ধৰ মাজতে জামুগুৰিহাটত বাৰেচহৰীয়া ভাওনা সদৃশ পৰিবেশ

20200503 175604

শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাট নামঘৰ নগৰী বুলিও জনাজাত । গুৰুজনাৰ মহান সৃষ্টি ভাওনাই য’ত প্ৰাণ পাই উঠিছে, য’ত বাৰেচহৰীয়া ভাওনাৰ দৰে এক বৃহৎ অনুষ্ঠানৰ জন্ম হৈ সৰ্বভাৰতীয় পৰ্যায়ত পাইছে বিশেষ সন্মান । এক কথাত সমগ্র জামুগুৰিহাটৰ ৰাইজৰ প্ৰাণত গুৰুজনাৰ ভাওনা সংস্কৃতি বিদ্যমান ‌। সম্প্ৰতি দেশত অব্যাহত আছে তলাবন্ধৰ কাৰ্যসূচী। এনে সময়তে জামুগুৰিহাটৰ অন্যতম সাংস্কৃতিক গোষ্ঠী “ধ্বনি”য়ে বৃহত্তৰ অঞ্চলটোত কৰি তুলিছে গুৰুজনাৰ অন্যতম সৃষ্টি ভাওনাৰ এক বিৰল পৰিবেশ । সাংস্কৃতিক গোষ্ঠীটোৱে কৰা সদৌ অসম ভিত্তিত আয়োজন কৰা ভাওনাৰ সংলাপৰ এক অনলাইন প্ৰতিযোগিতাৰ ফলস্বৰূপে এতিয়া সমগ্র নামঘৰ নগৰী জামুগুৰিহাটত গাঁৱত চলিছে নিৰ্দিষ্ট নাটৰ প্ৰিয় চৰিত্ৰৰ সংলাপ নিক্ষেপ তথা অভিনয় । প্ৰতিযোগিতাৰ আপাহতে এতিয়া অঞ্চলটোৰ একাংশ সুদক্ষ অভিনেতাই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰিয় চৰিত্ৰটোত সুন্দৰ অভিনয় কৰি কৰিছে ভিডিঅ’ যোগে । এক মননশীল পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোৰ অসংখ্য গাঁৱত ।

 

প্ৰতিযোগিতা খনক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোৰ বিভিন্ন গাঁৱত নিজৰ ঘৰতে থাকি অভিনয়ৰ মাজেদি গুৰুজনাৰ সৃষ্টিক পুনৰ প্ৰাণৱন্ত কৰাৰ প্ৰয়াস কৰিছে একাংশ শিল্পীয়ে । অঞ্চলটোৰ কোচগাঁৱৰ ভাওনাৰ দক্ষ শিল্পী শৈল্যন বৰকটকী, ধলাইবিলৰ জয়ন্ত হাজৰিকা, পাতলৰচুকৰ অজিত কাকতী, ডেকাসুন্দৰৰ লক্ষ্য জ্যোতি হাজৰিকা, পাতলৰচুকৰ কৌশিক ভূঞা, মধুপুৰৰ শিশু শিল্পী ৰিয়ান ক্ৰিচ বৰা, শলগুৰিৰ প্ৰদ্যুম্ন হাজৰিকা, গেৰেকিচুকৰ সিদ্ধাৰ্থ ভাগৱতী, জামুগুৰিহাটৰ প্ৰিঞ্জুম হাজৰিকা, কেৰাণীপামৰ প্ৰাঞ্জল বৰা, পদ্মপুৰৰ প্ৰানজিৎ ভৰালী, লক্ষ্য জ্যোতি বৰা, মনজিৎ কাকতি, সৰুভগীয়াৰ দ্বীপ বৰা, কমাৰচুকৰ নিতুমনি বৰা, হেৰাপোৱাচুকৰ বেদান্ত হাজৰিকা, জামুগুৰিহাটৰ ৰবীন ভূঞাকে আদি কৰি ভালেকেইখন গাঁৱৰ ভালে সংখ্যক দক্ষ ভাওনা শিল্পীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ অঞ্চলটোত ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ এক পৰিবেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ‌। ইফালে এই তলাবন্ধৰ পৰিপেক্ষিত জামুগুৰিহাটৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘ধ্বনি’ সাংস্কৃতিক গোষ্ঠীয়ে প্ৰতিযোগিতাৰ বাবে গুৰুজনাৰ সৃষ্টি ভাওনাক নিৰ্বাচন কৰি গুৰুজনাৰ আদৰ্শ তথা সৃষ্টিক সজীপ কৰি ৰখাৰ যি প্ৰয়াস চলাইছে সেয়া সচাকৈ প্ৰশংসনীয় বুলি বিবেচিত হৈছে ।

Exit mobile version