মালয়বাৰীত বৰো ধানৰ পথাৰত কৃষি মন্ত্ৰী অতুল বৰা

95591776 1157733161252302 5188958034218450944 n

কোনো পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী নথকাকৈ আজি গ্ৰীষ্মকালীন বা বৰো ধান খেতিৰ বাবে বিশেষ সুনাম থকা কামৰূপ জিলাৰ মালয়বাৰীত হঠাৎ উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ৷ এই অঞ্চলটোত প্ৰায় ২৫ হাজাৰ বিঘা মাটিত স্থানীয় কৃষকসকলে কৰিছে বৰো ধানৰ খেতি। তলাবন্ধৰ ফলত কৃষকসকলে কৃষি শ্ৰমিকৰ অভাৱত ধান চপোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ খবৰ লাভ কৰাৰ লগে লগে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি সমস্যাৰ বুজ ল’লে কৃষিমন্ত্ৰী অতুল বৰাই ।

 

লগতে স্থানীয় কৃষকসকলে ধান দাবলৈ কৃষি শ্ৰমিকৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনোৱাত বিষয়টো জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি সমাধান কৰাৰ আশ্বাস দিয়াৰ লগতে মালয়বাৰীত ধান চপোৱাৰ বাবে তাৎক্ষণিকভাৱে ধান কটা যন্ত্ৰ যোগান ধৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ পশুখাদ্যৰ সৰবৰাহ আৰু যোগান ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত স্থাপন কৰা পশু খাদ্য উৎপাদন কেন্দ্ৰ এটাও পৰিদৰ্শন কৰে। ইয়াৰ আগেয়ে সোণাপুৰৰ চৰকাৰী গাহৰি পামখন পৰিদৰ্শন কৰি পশুপালন মন্ত্ৰীগৰাকীয়ে পামখনৰ বিভিন্ন দিশৰ ব্যৱস্থাপনা নিৰীক্ষণ কৰি গাহৰিসমূহৰ স্বাস্থ্যৰ বুজ লয় ৷

Exit mobile version