চলিত বৰ্ষৰ ডিচেম্বৰলৈকে কৰ’না ভাইৰাছ ঔষধ পোৱা যাবঃ ড’নাল্ড ট্ৰাম্প

donald trump

সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাত সম্প্ৰতি কৰ’না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে। এই সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰিছে যে চলিত বৰ্ষৰ ডিচেম্বৰৰলৈকে কৰ’না ভাইৰাছৰ ঔষধ উদ্ভাৱন হ’ব। এক সাক্ষাৎকাৰত দেওবাৰে ট্ৰাম্পে কয়” কৰ’না ভাইৰাছৰ ভেকচিন চলিত বৰ্ষৰ শেষৰফালে উদ্ভাৱন হ’ব।এই সন্দৰ্ভত আমি চেষ্টা অব্যাহত ৰাখিছো ৷আমি ঔষধসমূহক বিতৰণ কৰিবলৈও বিশেষ ব্যৱস্থা কৰিছো।

লগতে কৰ’না ভাইৰাছৰ সন্দৰ্ভত ট্ৰাম্পে কয় “আমেৰিকাত এই অতিমাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা অনাগত দিনত বৃদ্ধি হ’ব পাৰে ৷ কিন্তু আমি অনাগত দিনত যাতে কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকক হেৰুৱাব লগা নহয় তাৰ কাৰণে চেষ্টা কৰিম। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিগত সপ্তাহত কৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৬০ হেজাৰ বুলি সদৰী কৰিছিল ৷

কিন্তু সাম্প্ৰতিক সময়লৈকে আমেৰিকাত কৰ’না ভাইৰাছত ৬৮ হেজাৰৰ অধিক লোকৰ মৃত্যু হৈছে। আনহাতে কৰ’না ভাইৰাছৰ ঔষধ উদ্ভাৱন প্ৰসংগত ট্ৰাম্পৰ আৰু বিশেষজ্ঞসকলৰ মন্তব্যৰ মাজত বৈসাদৃশ্য দেখিবলৈ পোৱা গৈছে। বিশেষজ্ঞসকলৰ মত অনুসৰি কৰ’না ভাইৰাছৰ ঔষধ অনাগত বৰ্ষৰ জানুৱাৰীলৈকে পোৱা যাব ৷

বিশেষজ্ঞসকলৰ মতে কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ প্ৰায় ১৮ মাহ লাগিব ৷ কাৰণ সাধাৰণ এটা ঔষধ প্ৰস্তুত কৰোতে আৰু ইয়াৰ পিছত সেই ঔষধটোক বজাৰত বিক্ৰী হোৱালৈকে প্ৰায় এবছৰ সময়ৰ প্ৰয়োজন। উল্লেখযোগ্য যে জনছন এণ্ড জনছন কম্পেনীয়ে আমেৰিকাৰ হেল্থ এণ্ড হিউমেন চৰ্ভিছৰ লগত যুটীয়াভাৱে ভেকচিন প্ৰস্তুত কৰিবলৈ চুক্তিবদ্ধ হৈছে ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সমগ্ৰ বিশ্বৰ বহু কেইখন দেশে কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

ইপিনে ট্ৰাম্পৰ সুৰতে সুৰ মিলাই আমেৰিকাৰ বিদেশ মন্ত্ৰী মাইক প’ম্পিয়’ই কৈছিল যে কৰ’না ভাইৰাছ চীনৰ য়ুহানত প্ৰস্তুত কৰা হৈছিল ৷ ইয়াৰ প্ৰমাণ আছে। অৱশ্যে ইতিমধ্যে আমেৰিকাৰ এটা বিশেষ সংস্থাই কৰ’না ভাইৰাচ যে মানৱ সৃষ্ট নহয় সেয়া সদৰী কৰিছে। কিন্তু কৰ’না ভাইৰাছৰ সংহাৰী ৰূপক প্ৰতিৰোধ কৰিবলৈ অনাগত দিনত ঔষধ উদ্ভাৱন নহ’লে, এই ভাইৰাছ যে অতি ভয়ানক হৈ উঠিব সেয়া নুই কৰিব নোৱাৰি ।

Exit mobile version