চৰাইদেউত বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি পুনৰ এজনৰ মৃত্যু

84ef0b2a f494 46d2 adb0 367d19488e9f

উজনি অসমত বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰতিদিনেই বৃদ্ধি পাইছে। চৰাইদেউ জিলাতে দুটাকৈ পৃথক ঘটনাত বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি একেটা পৰিয়ালৰ পিতৃ-মাতৃ আৰু কন্যাৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে আনটো ঘটনাত খুৰীয়েক আৰু ভতিজাক বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। ইয়াৰ মাজতেই আজি পুৱা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা পাপু কুঁৱৰৰ মৃত্যু হয় ।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত লাকিলী গাঁৱৰ পাপু কোঁৱৰে (৩৫) যোৱা শনিবাৰে বাৰীৰ ঢাপত পোৱা কাঠফুলা সংগ্ৰহ কৰি নিশা ভক্ষণ কৰাৰ পাছত বিষক্ৰিয়াত আক্ৰান্ত হয়। শৌচ আৰু বমি হোৱা পাপু কুঁৱৰক ততালিকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে।

অন্যহাতে, বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা লোককেইজন হ’ল ক্ৰমে ৰিখেশ্বৰ বৰা, শুৱলা বৰা আৰু হিমাদ্ৰী বৰা। সাপেখাতি ভোগবাৰী গাঁৱৰ মৃত লোককেইজন একেটা পৰিয়ালৰে । ইফালে, বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰি বিষক্ৰিয়াত আক্ৰান্ত চফ্ৰাই বৰপথাৰ গাঁৱৰ ক্ৰমে অনিমা বৰুৱা আৰু জীতু বৰুৱা আজিও অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

Exit mobile version