তলাবন্ধৰ মাজতে তামুলপুৰত অনুস্থিত হল এখন বিবাহ

IMG 20200504 WA0043

মহামাৰী কৰ’না ভাইৰাছৰ ভয়াবহ প্ৰতিৰোধৰ বাবে দেশজুৰি আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ তলাবন্ধ ৷ তলাবন্ধৰ মাজতে তামুলপুৰ মহকুমাৰ সৌৰাগুৰী গাওঁত আজি অনুস্থিত হল এখন বিবাহ ৷ সৌৰাগুৰী গাওঁৰ বাসিন্দা অসম শক্তি বিভাগৰ কৰ্মচাৰী অনিল দাসৰ কন্যা জিন্টি দাস আৰু নলবাৰী চহৰৰ চৌধুৰী মাৰ্কেট নিবাসী প্ৰয়াত দীনেশ দত্তৰ পুত্ৰ নৱজিৎ দত্তৰ শুভ বিবাহ আজি সম্পূৰ্ণ বৈদিক প্ৰথাৰে সম্পন্ন হয় ৷ তলাবন্ধৰ মাজতে প্ৰশাসনৰ অনুমতি লৈ সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পিন্ধি ব্ৰাক্ষ্মণৰ মন্ত্ৰোচ্চাৰণ, আয়তীৰ উৰুলী আৰু বিয়ানামেৰে অগ্নিক সাক্ষী কৰি সম্পূৰ্ণ বৈদীক প্ৰথাৰে যুগ্ম জীৱনৰ পবিত্ৰ বান্ধোনত বান্ধ খাই পৰে জিন্টি আৰু নৱজিৎ ৷

ADVERTISEMENT

 

উল্লেখ্য যে যোৱা ২৫ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছিল তামুলপুৰ মহকুমাৰ সৌৰাগুৰী গাওঁৰ যুৱতী স্থানীয় তামুলপুৰ স্নাতক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰবক্তা জিন্টি দাস আৰু নলবাৰী চহৰৰ চৌধুৰী মাৰ্কেটৰ নিবাসী নৱজিৎ দত্তৰ বিবাহৰ দিন ৷ কিন্তু সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ভিদ-১৯ ৰ ভয়াবহ সংক্ৰমণ ৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছিল জিন্টি আৰু নৱজিৎৰ বিবাহ ৷ কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ গ্ৰীণ জ’ন সমূহত তলাবন্ধৰ নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা ঘোষণা কৰাত অৱশেষত দুয়োপক্ষৰ সহমতত প্ৰশাসনৰ অনুমতিলৈ আজি অনুষ্ঠিত হয় বিবাহ কাৰ্য ৷

 

দৰা-কইনা জিন্টি আৰু নৱজিৎৰ আত্মীয় স্বজন, বন্ধু বৰ্গক নিমন্ত্ৰণ দি ভোজ-ভাতেৰে আপ্যায়ন কৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ ইচ্ছা পূৰণ নহ’ল যদিও বিশ্বৰ মানৱ জাতিৰ বাবে ভয়াবহ ৰূপ ধাৰণ কৰা ক’ভিদ-১৯ ৰ ভয়াবহ সংক্ৰমণৰ মাজতেই যুগ্ম জীৱনৰ পাতনি মেলিলে দুয়োজনে ৷ হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱন আৰম্ভ কৰাৰ লগতে জিন্টি আৰু নৱজিতে সকলোকে সামাজিক দুৰত্ব বজাই ৰাখি সকলো নীতি-নিয়ম মানি চলি ক’ভিদ-১৯ ক প্ৰতিহত কৰিবলৈ আহ্বান জনালে ৷

Exit mobile version