গোৱালপাৰাত বজ্ৰপাতত যুৱক নিহত

how to deal with rain on T1181023

গোৱালপাৰা চহৰৰ নবীন নগৰত আজি আবেলি বজ্ৰপাতত এগৰাকী যুৱক নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছা পেলাইছে। জানিব পৰা মতে, গোৱালপাৰা চহৰৰ নিকটৱৰ্তী ২ নং বলদমাৰী চৰৰ আনোৱাৰ হুচেইন(১৭) নামৰ যুৱক জনে আজি আবেলি প্ৰায় ৩ বজাত নবীন নগৰৰ আবুশ্বামাৰ ঘৰৰ পাছফালে থকা পথাৰত পানী যোগান ধৰিবলৈ গৈছিল। মেচিন ষ্টাৰ্ট দি ওচৰৰে গছ এজোপাৰ তলত বহি থাকোতে হঠাৎ বজ্ৰপাত পৰি যুৱক জনৰ মৃত্যু হয়। পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Exit mobile version