তলাবন্ধৰ অনুভৱ : বশিষ্ঠ শৰ্মা

বিশ্বৰ বাবে এনে দিন আহিব বুলি কোনেও কল্পনা কৰা নাছিল। অকল্পনীয়ই যেতিয়া বাস্তৱ হ’ল আৰু মুখামুখিও আমি হ’ব লাগিব আৰু হৈছো।  আমি কিদৰে এই সংকটৰ সন্মূখীন হ’ম তাৰ বিধান চিকিৎসা বিজ্ঞানে দিছে, চৰকাৰে দিছে। সেই মতে আমি চলিব লাগে। ময়ো চলিবলৈ চেষ্টা কৰিছো। যিহেতু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে মোৰ ওপৰত গুৰু দায়িত্ব অৰ্পিত হৈ আছে সেইকাৰণে সত্ৰৰ যিখিনি এৰাব নোৱাৰা কাম তাত দুদিন মই ভাগ লৈছো। আমাক ঘৰৰ পৰা নোলাবলৈ চৰকাৰে পৰামৰ্শ দিছে। সেই নিৰ্দেশ পালন কৰিছো।
তাক পালন কৰাটো আমাৰ দায়িত্ব। তাৰ মাজতে মই নিৰ্দিষ্ট দুটামান দিনত সত্ৰলৈ যাবলগীয়া হৈছে। যেনে বহাগৰ সাত বিহু বিদায় দিয়াক লৈ বৰপেটা সত্ৰত নাম পৰিৱেশন কৰা হয়। তাত বহু মানুহৰ সমাগম হয়, কিন্তু এইবাৰ সামাজিক দূৰত্ব ৰক্ষা কৰি মাত্ৰ পাঁচজন লোকৰ দ্বাৰাহে এই নিয়ম পালন কৰা হয়। অতিৰিক্ত কোনো মানুহ যাতে সত্ৰৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে মূল দুৱাৰবোৰ তলা মাৰি দিয়া হৈছে। সত্ৰৰ নামত যাতে কোনো নীতি-নিয়ম যাতে বিঘ্নিত নহয় তাৰ প্ৰতি আমাৰ সত্ৰৰ কাষৰীয়া ৰাইজ সম্পূৰ্ণ সজাগ।
যিহেতু এই কেইদিন অন্য সভা-সমিতি বা অনুষ্ঠানো নাই স্বাভাৱিকতে সাধাৰণ দিনতকৈ মোৰো যথেষ্ট সময় ওলাইছে। সেই সময় মই কিছু উদ্দেশ্য আগত লৈ কাম কৰিছো। মোৰ বহুত লিখা অ’ত-ত’ত সিঁচৰতি হৈ আছে। তাৰে বহুত পাবলৈ নাই। যিবোৰ মনত আছে সেইবোৰ বিচাৰি উলিওৱাৰ চেষ্টা কৰিছো। সেইবোৰক লৈ এখন প্ৰবন্ধ সংকলন উলিওৱাৰ ইচ্ছা দীর্ঘদিনৰ পৰাই আছিল।
বিচাৰি পোৱা লিখা বোৰেৰে কিতাপখন উলিয়াম বুলি ভাবিছো। তদুপৰি, আনকেইখন কিতাপৰো পৰিকল্পনা কৰি এইসময়ত আগবাঢ়িবলৈ যত্ন কৰিছো। যিহেতু ঘৰৰ পৰা ওলোৱাটো সম্পূৰ্ণ বন্ধ সেয়েহে সময়বোৰ ভাগে ভাগে লৈ কাম কৰাৰ চেষ্টা কৰিছো। তাৰে ভিতৰত অন্যতম হ’ল নতুন কিতাপকেইখনৰ কাম আৰম্ভ কৰা। ভাগৱত বা অন্য ধর্মীয় গ্রন্থত যিবোৰ কাহিনী আছে সেইবোৰ আমি সাধুকথাৰ দৰে পঢ়ো, কিন্তু কেৱল সাধু পঢ়ি সমাজ লাভৱান হ’ব নোৱাৰে।
সাধু বোৰে সমাজক কি শিক্ষা দিছে, বৰ্তমানৰ সমাজ ব্যৱস্থাত সাধুবোৰৰ কি কি নীতি শিক্ষা কাৰ্যকৰী হোৱাটো প্ৰয়োজনীয় হৈছে, ভৱিষ্যতৰ সমাজে কি কি নীতি শিক্ষা লৈ আগবাঢ়িব লাগিব এইবোৰহে বাস্তৱ কথা। কৃষ্ণ-উদ্ধৱ আখ্যানৰ পৰা আমি কি ধৰণৰ শিক্ষা আহৰণ কৰিব পাৰো, ভক্ত প্ৰহ্লাদেপিতৃ হিৰণ্যকশিপুক তেওঁৰ অহংকাৰী স্বভাৱ ত্যাগ কৰিবলৈ যিবোৰ পৰামৰ্শ দিছিল আজিৰ প্ৰেক্ষাপটত সেইবোৰ আমি কি ধৰণে প্ৰয়োগ কৰিব লাগে, আমাৰ জীৱনত তেনে আদৰ্শবোৰ কেনেকৈ প্ৰতিফলিত কৰিব লাগে সেই ধৰণৰ বিশ্লেষণ বৰ্তমানৰ সমাজ ব্যৱস্থাৰ আলম লৈ মই কৰিব বিচাৰিছো।
তলাবন্ধত মই কৃষি কাৰ্যতো ব্যস্ত আছো। মোৰ বয়স ৮২ বছৰ। হৃদযন্ত্ৰকে ধৰি মোৰ দুটা ডাঙৰ অস্ত্ৰোপচাৰ হৈছে। গতিকে স্বাস্থ্যজনিত সতৰ্কতা আছে। তাৰ মাজতো ভগৱানৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদত সক্ৰিয় হৈ থকাৰ চেষ্টা কৰি আহিছো। ঘৰত মই আলু, ৰঙালাওকে ধৰি কে’বাবিধো পাচলিৰ খেতি কৰো। খেতি পথাৰত মই নিজে ব্যস্ত হওঁ। বৰ্তমান খেতিত ব্যস্ত। নিজে কৰা খেতিৰ বাবেই দীঘলীয়া তলাবন্ধৰ সময়তো মই পাচলিৰ অভাৱত পৰা নাই। ঘৰতে প্রায়খিনি যোগাৰ কৰিছো। কৰ্মও ধর্মও।
ৰাইজলৈ আহ্বান, চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিছে সেই ধৰণে সকলোৱে চলক। তলাবন্ধ শিথিল কৰাৰ ফলত বহু মানুহে হকে বিহকে ওলাই আহি বাহিৰত ভিৰ কৰিছে। শিথিলৰ অৰ্থ গাঁঠি খুলি দিয়া নহয়। শিথিল মানে কঠিনৰ পৰা অলপ সহজ কৰি দিয়া। পৃথিৱীত মানুহ বাচি থাকিলেহে ধৰ্ম ৰক্ষা হ’ব, সমাজৰ বিকাশ হ’ব। জীৱন নাথাকিলে একোৰে ৰক্ষা নহ’ব।
Exit mobile version