সমগ্ৰ বিশ্ব সম্প্ৰতি কৰ’না ভাইৰাছত কঁপিছে। ঠিক তেনেসময়তে বৈজ্ঞানিকসকলে এক মনোক’লোন এন্টিব’ডি তৈয়াৰ কৰিছে যিয়ে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাত সহায় কৰিব ।সম্প্ৰতি বিশ্বত কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ বিভিন্ন দেশত অহৰহ প্ৰচেষ্টা চলি আছে। অৱশ্যে বিজ্ঞানীসকলৰ এন্টিব’ডিৰ প্ৰচেষ্টা নতুন যদিও কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে এইয়া এক আশাবাদী পদক্ষেপ ।
এই এন্টীব’ডিয়ে ভৱিষ্যতে অকলে বা যিকোনো ঔষধৰ লগত মিলিত হৈ কৰ’না ভাইৰাছৰ চিকিৎসাত সহায় কৰিব ৷আনহাতে এই এন্টীব’ডিক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে ।47D11 নামৰে জনাজাত এন্টীব’ডিয়ে নতুন কৰ’না ভাইৰাছক এটা মুকুটৰ দৰে আকাৰ দিয়ে ।আনহাতে এই এন্টিব’ডিয়ে কৰ’না ভাইৰাছৰ সমগ্ৰ কোষসমূহকো ধ্বংস কৰাত সহায় কৰিব। মনোক’ল এন্টিব’ডিজ লেবটৰীত তৈয়াৰী এটা প্ৰ’টিন। শৰীৰত বেক্টেৰিয়া আৰু ভাইৰাছক ধ্বংস কৰা শক্তিশালী প্ৰাকৃতিক এন্টিব’ডিৰ এই এন্টিব’ডি সাদৃশ্য আছে ৷
