কেৰালাৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু হাউছবোটত আইছ’লেছন

পানীৰ মাজত নিভৃতবাসৰ ক্ষেত্ৰত হাউছবোটৰ বিকল্প নাই বুলিবই পাৰি । সেই বাবেই এই হাউছবোট কেৰালাৰ পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ আছে । নিভৃতবাসৰ এই বন্দোৱস্তকে সম্প্ৰতি কৰ’না চিকিৎসাৰ ক্ষেত্ৰত কামত লগাব বিচাৰিছে কেৰালা চৰকাৰে । এতিয়াৰ অস্বাভাৱিক সময়ত এই বিশেষ নাৱেই পৰৱৰ্তী হ’ব পাৰে কৰ’না মোকাবিলাৰ আইছ’লেছন কেন্দ্ৰত । উল্লেখ্য যে কৰ’না যুদ্ধত অংশ লোৱাৰ মানসেৰে ৰেলৰ ডবাক আইছ’লেছন ৱাৰ্ডত পৰিৱৰ্তন কৰিছে ৰেল বিভাগে । কেৰালা চৰকাৰেও ৰেল বিভাগক অনুকৰণ কৰি হাউছবোট মালিক সন্থাৰ স’তে প্ৰাথমিক আলোচনা সম্পন্ন কৰিছে । প্ৰয়োজন সাপেক্ষে হাউছবোট সমূহ কৰ’না চিকিৎসা আৰু পৰ্যবেক্ষণৰ কামত ব্যৱহাৰ কৰাৰ প্ৰস্তাৱত মালিক সন্থায়ো সন্মতি দি ৰাখিছে ।

 

কেৰালাৰ আলপ্পুঝা জিলাৰ সাগৰৰ পাৰৰ জলাশয়সমূহত থকা হাউছবোট দেশী-বিদেশী পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰ ।এই নাও বোৰ দেখিবলৈ যিদৰে একো একোটা সৰু ঘৰৰ দৰে,সেইদৰে এটা ঘৰত থকা অধিকাংশ সা-সুবিধাই ইয়াত উপলব্ধ। কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ পাছত কেৰালাৰ পৰ্যটনৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ । এনে অৱস্থাত ৰোগ মোকাবিলাৰ কামত এই গৃহসদৃশ নাও সমূহৰ ব্যৱহাৰ কৰাত আপত্তি নাই বুলি জনাইছে এই পৰ্যটন উদ্যোগ ৰ স’তে জড়িত ব্যৱসায়ী সকলে । হাউছবোট মালিক সন্থাৰ সূত্ৰই জনাইছে যে বিগত দুবাৰ কেৰালাত ভয়াবহ বানৰ সময়ত তেওঁলোকে দুৰ্গত সকলৰ সাহায্যৰ বাবে আগবাঢ়ি আহিছিল । কুট্টানাড় অঞ্চলত আবদ্ধ হৈ পৰা প্ৰায় ২৫হেজাৰ লোকক এই হাউছবোটৰ দ্বাৰাই উদ্ধাৰ কৰা হৈছিল । এইবাৰ বিপন্ন ৰাজ্যক সাহায্য কৰা হ’ব আইছ’লেছন ৱাৰ্ড তৈয়াৰ কৰি । অৱশ্যে প্ৰয়োজনত সাহায্যৰ হাত আগবঢ়াই দিলেও পৰ্যটন ব্যৱসায়ী সকল প্ৰৱল উদ্ধেগত আছে ।

Exit mobile version