চীন এৰি অহা কোম্পানীলৈ চাৰি লক্ষ হেক্টৰ ভূমি চিনাক্ত দিল্লীৰ

Screenshot 20200506 135031

কৰ’না ভাইৰাছ বিয়পোৱাত অৰিহণা যোগোৱাৰ অভিযোগত চীনৰ প্ৰতি খৰ্গগ্ৰস্ত হৈ পৰিছে বিশ্বৰ বিভিন্ন দেশ ৷ ইয়াৰ পৰিণতি স্বৰূপেই আমেৰিকা জাপানসহ বিভিন্ন দেশৰ কোম্পানীয়ে চীনত থকা ব্যৱসায় বন্ধ কৰি দেশখনৰ পৰা বিদায় ল’বলৈ উদ্যোগ লৈছে ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি দেশৰ জটিল অৰ্থনীতি কিছু পৰিমাণে উন্নত কৰাৰ অংক কৰিছে ভাৰত চৰকাৰে । সেয়ে চীন এৰিব খোজা কোম্পানীসমূহক ভাৰতলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে । আমেৰিকা, জাপানসহ কেইবাখনো দেশৰ কোম্পানীসমূহে যাতে ভাৰতক উৎপাদন ক্ষেত্ৰৰূপে বাছি ল’ব পাৰে, ইয়াৰ বাবেই কেন্দ্ৰই বিস্তৃত পৰিসৰৰ ভূমি চিহ্নিতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

 

সূত্ৰই জনোৱা অনুসৰি সমগ্ৰ দেশত এই পৰ্যন্ত ৬১ হাজাৰ ৫৮৯ হেক্টৰ ভূমি ইতিমধ্যে চিনাক্ত কৰা হৈছে । এই ভূমিৰ আয়তন ইউৰোপৰ দেশ লাক্সেমবাৰ্গৰ আয়তনৰ দুগুণ ৷ গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যত অৱস্থিত এক লক্ষ ১৫ হাজাৰ ১৩১ হেক্টৰ উদ্যোগ অঞ্চলো অন্তৰ্ভুক্ত হৈ আছে ৷ আনহাতে দেশৰ আন আন উদ্যোগিক অঞ্চলসমূহো ইয়াৰ কাৰণে চালি জাৰি চোৱা হ’ব । সেইয়া নিশ্চিত হ’লেই বিদেশী বিনিয়োগ কাৰীক কিদৰে ভাৰতলৈ অহা হ’ব সেয়া এই মাহৰ অন্তিমফালে চূড়ান্ত হ’ব। ইপিনে যিমান সোনকালে এই কোম্পানীসমূহৰ বাবে ভূমিৰ ব্যৱস্থা কৰিব পৰা যায় সিমান সোনকালে ভাৰতৰ লাভ হ’ব বুলি মন্তব্য কৰে বাৰক্লেজ বেংকৰ জেষ্ঠ্য অৰ্থনীতিবিদ ৰাহুল বাজ’ৰিয়াই ।

 

তেওঁ কয় যে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়াটো যিমানেই স্বচ্ছ আৰু দ্ৰুত হ’ব সিমানেই বিদেশী বিনিয়োগ বাঢ়িব। তাৰ কাৰণে সুসংগত প্ৰচেষ্টাৰ প্ৰয়োজন। অৱশ্যে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু উদ্যোগ মন্ত্ৰণালয়ে কোনো মন্তব্য কৰা নাই । উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ আক্ৰমণৰ পূৰ্বৰ পৰাই ভাৰতৰ আৰ্থিক মন্দাৰ কলীয়া ডাৱৰ ক্ৰমাৎ ঘনীভূত হ’বলৈ ধৰিছিল । ২৫ মাৰ্চৰ পৰা দিয়া তলাবন্ধৰ ফলত সেই কলীয়া ডাৱৰ আৰু অধিক ঘনীভূত হ’বলৈ ধৰে ৷ এই সময়তে বিদেশী বিনিয়োগত আশাবাদী হৈ পৰিছে চৰকাৰ । আনহাতে বিদেশী বিনিয়োগক আকৰ্ষিত কৰিবৰ কাৰণে কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক পৃথক পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ইতিমধ্যে ৩০ এপ্ৰিলত ৰাজ্যসমূহৰ বিভিন্ন প্ৰতিনিধিৰ স’তে বৈঠকত মিলিত হয়।

Exit mobile version