অৰ্থনীতিৰ ত্ৰাণকৰ্তা ! সুৰাপায়ীৰ ওপৰত পুষ্পবৃষ্টি

dry days are back why bmc decided to close wine shops in mumbai during lockdown 3 0

কৰ’না ভাইৰাছৰ বাবে মৰহি পৰা দেশৰ অৰ্থনীতি পুনৰ সতেজ কৰাৰ দায়িত্বই যেন লাভ কৰিছে সুৰাপায়ীসকলে । ইমানদিনে সুৰাপান নকৰাসকলে ‘মদাহী’ আখ্যা দিয়া লোকসকলেই এতিয়া দেশৰ অৰ্থনীতি উন্নত কৰিবলৈ উঠিপৰি লাগিছে । আনকি চৰকাৰেও যেন এই সুৰাপায়ীসকলতে নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে । যাৰবাবে মাত্ৰ এদিনতে দেশত বিক্ৰী হ’ল ৩৫ হেজাৰ কোটিৰ সুৰা । অভূতপূৰ্ব হাৰত সুৰা ক্ৰয় কৰি দেশৰ অৰ্থনীতিলৈ অৰিহণা যোগোৱাৰ বাবে আনকি একাংশৰ সুৰাপায়ীৰ মূৰত পুষ্পবৃষ্টিও হ’ল । উল্লেখ্য যে তলাবন্ধৰ ফলত হ্ৰাস পোৱা ৰাজহ সংগ্ৰহৰ পৰিমাণ পুনৰ বৃদ্ধি কৰাৰ বাবেই চৰকাৰে তৃতীয় পৰ্যায়ৰ তলাবন্ধ ঘোষণা কৰাৰ সময়ত গ্ৰীণ জ’নত সুৰা বিক্ৰী ত অনুমতি প্ৰদান কৰে । কালিৰে পৰা সুৰা বিপনী মুকলিৰ অনুমতি লাভৰ পাছত প্ৰথম দিনাই সুৰা বিক্ৰীৰ এই অভিলেখ স্থাপন হয়। এই অভূতপূৰ্ব সুৰা বিক্ৰীৰ হাৰে স্বাভাৱিকতে অধিকাংশ লোককে হতবাক কৰি তুলিছে।

 

যোৱা ২৪মাৰ্চৰ মাজনিশাৰ পৰা প্ৰধানমন্ত্ৰীয়ে তলাবন্ধ ঘোষণা কৰাৰ পৰৱৰ্তী সময়ত দুবাৰকৈ ইয়াৰ ম্যাদ বৃদ্ধি পালে । কিন্তু দেশৰ অৰ্থনৈতিক দিশটোৰ শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰিয়ে কেন্দ্ৰীয় চৰকাৰে সুৰাৰ বিপনী খুলি দিয়াৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় । সেয়ে দীৰ্ঘদিন ধৰি মদ্যপানৰ পৰা বিৰত থাকিবলগীয়া হোৱা সুৰাপায়ী সকলৰ আনন্দৰ সীমা নোহোৱা হৈ পৰিছে।সেই আনন্দৰ বহিঃ প্ৰকাশ ঘটায়েই বিপনী মুকলিৰ প্ৰথম দিনাই দেশৰ অধিকাংশ স্থানতে সুৰা ক্ৰয়ৰ বাবে মানুহৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। ইয়াৰ মাজতে সুৰা ক্ৰয় কৰিবলৈ শাৰী পাতি থকা লোকৰ মূৰত এজন অতি উৎসাহী লোকে পুষ্পবৃষ্টি কৰা দৃশ্যৰ এক ভিডিঅ’ই সম্প্ৰতি সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে । ভিডিঅ’ত দেখা গৈছে যে দিল্লীৰ চান্দেৰ নগৰৰ এখন সুৰা বিপনীৰ সন্মুখত সামাজিক দূৰত্ব বৰ্তাই ৰাখি অসংখ্য লোকে সুৰা ক্ৰয় কৰিবলৈ শাৰী পাতি আছে । একা-বেঁকা হৈ এডাল সাপৰ দৰে লগা দীঘলীয়া শাৰীটোত থকা লোকসকলক লক্ষ্য কৰি ফুলৰ পাহি ছটিয়াই গৈছে মুখত মাস্ক পৰিহিত উৎসাহী লোকজনে । ইয়াৰ উপৰি লোকজনে শাৰীত থকা সকলৰ প্ৰতি মূৰ দোঁৱাই কৃতজ্ঞতা প্ৰকাশ কৰাৰ উপৰি দুই -এটা মন্তব্য কৰাও পৰিলক্ষিত হয় । তেওঁ কয়,’আপোনালোকেই আমাৰ দেশৰ অৰ্থনৈতিৰ গুৰি ।চৰকাৰৰ ৰাজভঁৰাল বৰ্তমান শূণ্য।’ ;সুৰা বিপনী খোলাৰ বাবে অৰ্থনীতিবিদসকলেও ইতিমধ্যে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

Exit mobile version