আদালত বন্ধ দিলেই সমস্যা সমাধান নহয়ঃ উকীল সন্থা

COURT
দেশত একাধাৰে যোৱা ২৪ মাৰ্চৰ পৰা অব্যাহত থকা তলাবন্ধৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰাজ্যৰ অধিবক্তাসকল | বৃহস্পতিবাৰে সদৌ অসম উকীল সন্থাই এক সংবাদমেলত সম্বোধন কৰি ৰাজ্যত প্ৰায় ৩০ শতাংশ অধিবক্তাসমাজ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ কথা উল্লেখ কৰিছে |
যোৱা ১৭ মাৰ্চৰ পৰা ৰাজ্যৰ সকলো আদালত বন্ধ হৈ থকা ফলত  দৈনিক কাম কাজৰ আয়ৰ ওপৰত  জীৱিকা নিৰ্ভৰ কৰা অধিবক্তাসমাজৰ দৈনিক জীৱিকাৰ ওপৰত চৰম ভাবুকি আহি পৰিছে | এই সংক্ৰান্তত বিজ্ঞানসন্মত পদ্ধতিৰে আদালতসমূহ খুলিবলৈ আহ্বান জনাইছে উকীল সন্থাই |
সন্থাৰ সম্পাদক দীপক কুমাৰ দাসে এই সংক্ৰান্তত কয়, ” আদালত বন্ধ দিলেই সমস্যা সমাধান নহয় |এনেদৰে বন্ধ হৈ থাকিলে অধিক বোজাই আদালতক ভাৰাক্ৰান্ত কৰি তুলিব |অধিবক্তাসমাজৰ বাবে সুৰক্ষা নিধি প্ৰস্তুত কৰক | চৰকাৰে অনাহকত টকা খৰচ কৰে যিবোৰে মানৱ সমাজৰ উপকাৰ নকৰে | আমি বহুদিনৰে পৰা কৈ আহিছোঁ সুৰক্ষা নিধি গঠন কৰিবলৈ, কোনো গুৰুত্ব নাই | এদিন অলপ হলেও উপকৃত হব |”
Exit mobile version