সম্প্ৰতি ক’ভিড-১৯ ৰ কাৰণে সমগ্ৰ বিশ্বত তলাবন্ধ অব্যাহত আছে ৷ তলাবন্ধৰ কাৰণে সম্প্ৰতি দেশৰ দৰিদ্ৰ জনসাধাৰণৰ মাজত দেখা গৈছে খাদ্যৰ নাটনি ৷ তেনে সময়তে তেলেংগানাৰ মুলুগুৰ এগৰাকী কংগ্ৰেছ বিধায়িকা চিথাক্কাৰ মানৱীয়তাই ছ’চিয়েল মিডিয়াত বিশেষ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিধায়িকা চিথাক্কাই প্ৰতি দিনে ২০ কিলো মিটাৰ খোজ কাঢ়ি দুৰ্গম অঞ্চলত থকা দৰিদ্ৰ লোকসকলক অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ধৰে। তলাবন্ধৰ সময়ত চিথাক্কাৰ এই পদক্ষেপত সম্প্ৰতি তেলেংগানাৰ লগতে সমগ্ৰ দেশ জুৰি চৰ্চা লাভ কৰিছে। দুবাৰকৈ মুলুগুৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা চিথাক্কাই তলাবন্ধৰ সময়ত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলৰ মাজত খোজ কাঢ়ি মূৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ বেগ লৈ যোগান ধৰিছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত আছে ৩০,০০০ কিলোগ্ৰাম চাউল, পাচলি, তেল, দালি আৰু বহু সামগ্ৰী ।
চিথাক্কাৰ মহানুভৱতা, দৈনিক ২০ কিলোমিটাৰ খোজকাঢ়ি সাহায্য যোগান ধৰিলে দৰিদ্ৰক
-
By publisher
![Assam News Today | চিথাক্কাৰ মহানুভৱতা, দৈনিক ২০ কিলোমিটাৰ খোজকাঢ়ি সাহায্য যোগান ধৰিলে দৰিদ্ৰক - Dainik Agradoot | 99 1](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/05/99-1.jpg?fit=567%2C345&ssl=1)
- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19SeethakkaTELANGANA
Related Content
Buckingham Palace Balcony Opens to the Public:সাধাৰণ লোকৰ বাবে মুকলি হ'ল বাকিংহাম পেলেচৰ বেলকনি
By
publisher
July 13, 2024
3 Lakh Palestinians Leave Gaza:অলি-গলিয়ে মৃতদেহৰ স্তূপ !
By
publisher
July 13, 2024
GST:সাত বছৰত দেশত জিএছটি সংগ্রহত অভিলেখ
By
publisher
July 13, 2024
Assam Society of Bangalore organizes Green Move:অসম চ'ছাইটি অৱ বেঙ্গালুৰুয়ে গ্ৰহণ কৰিছে গ্ৰীণ মুভৰ পদক্ষেপ
By
publisher
July 13, 2024