বহিঃৰাজ্যৰ পৰা আহিবলগীয়া লোকক লৈ গভীৰ উদ্বেগৰ সৃষ্টি

Himanta Biswa Sarma

তলাবন্ধৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক পযাৰ্য়ক্ৰমে অসমলৈ ওভতাই অনাৰ বাবে আৰম্ভ হৈছে যাৱতীয় প্ৰক্ৰিয়া ৷তাৰ বাবে সংশ্লিষ্ট লোকসকলক কোৱাৰেন্টাইন কৰিব পৰাকৈ ৰাজ্যৰ বিভিন্ন স্থানত নতুন চাৰিটা কোৱাৰেন্টাইন কেন স্থাপন কৰিব ৰাজ্য চৰকাৰে। মহানগৰীৰ সৰুসজাই ষ্টেডিয়াম চৌহদত থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজ নিৰীক্ষণ পাছত আজি এই কথা সদৰি কৰি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা যুঁজৰ সকলো কাম কাজ বৰ্তমানে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা চলি আছে ৷

 

কিন্তু এতিয়াৰে পৰা এই সম্পৰ্কীয় সকলো কামকাজ সৰুসজাই ষ্টেডিয়াম চৌহদত অস্থায়ীভাৱে স্থাপন কৰা কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰিত হ’ব ৷এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত চাৰিটা নতুনকৈ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰি কয় যে বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ ইতিমধ্যে আন্তঃৰাজ্যিক যাতায়ত ব্যৱস্থা আৰম্ভ হৈছে। ইপিনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলৰ কোৱাৰেন্টাইনৰ কাৰণে সৰু সৰুসজাইত নতুনকৈ ৭৯০ খন বিছনা সংযোজন কৰা হৈছে ৷

 

লগতে পশ্চিম অসমৰ বাবে কোকৰাঝাৰ,উত্তৰ অসমৰ বাবে তেজপুৰত,পূব অসমৰ বাবে যোৰহাটত আৰু বৰাক উপত্যকাৰ বাবে শিলচৰত নতুনকৈ চাৰিটা কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপন কৰা হ’ব। চৰকাৰী ব্যৱস্থাত কোৱাৰেন্টাইনত থাকিব নিবিচৰে সকলে হোটেলত কোৱাৰেন্টাইনত থাকিব পাৰিব ।এই ক্ষেত্ৰত অৱশ্যে সংশ্লিষ্ট লোকসকলে ৰেহাই পাব। যিসকল লোকে শ্ৰীৰামপুৰ আৰু বক্সিৰহাটেৰে অসমত প্ৰবেশ কৰিব সেইসকলক পোনে পোনে সৰুসজাইলৈ অনাৰ ব্যৱস্থা কৰিব।

 

ইয়াৰ পাছত নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হ’ব ।যিসকল লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ থাকিব তেওঁলোকক কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হ’ব ৷আৰু যিসকল লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ নাই ৷সেইসকল লোকৰ দুয়োখন হাততে ষ্টাম্প মাৰি ঘৰতে কোৱাৰেন্টাইন কৰি থাকিবলৈ পৰামৰ্শ দিব ৷আনহাতে চৰকাৰী কোৱাৰেন্টাইনত থাকিব নিবিচৰাসকলে চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া হোটেলত থাকিব পাৰিব ।আনহাতে বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিকক বাদ দিও প্ৰায় এক লাখ লোক এসপ্তাহৰ ভিতৰত অসমত উপস্থিত হ’ব ।ইয়াৰে যদি পাঁচশজন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ লক্ষণ ধৰা পৰে তেতিয়া ৰাজ্যখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব ।গতিকে সকলো লোকক চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

Exit mobile version