বাক্সাৰ আনন্দ বজাৰত ভয়ংকৰ ঘটনা

IMG 20200507 170301

বাক্সাৰ শালবাৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷  শালবাৰীৰ আনন্দ বজাৰত হোম কোৱাৰেণ্টাইনত থকা শংকৰ বৰ্মন (৪৫) নামৰ এজন লোকৰ চিকিৎসাৰ অবিহনে মৃত্যু হোৱাত প্ৰশাসনে মৃতদেহটো সৎকাৰৰ পৰিৱৰ্তে জেচিবিৰে গাঁতত পুতি থোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে এক আতংকময় পৰিবেশে বিৰাজ কৰিছে ৷ বুধবাৰে বিয়লি ভাগতেই লোকজনৰ মৃত্যু হয় যদিও আজি দুপৰীয়াৰ ভাগলৈ মহ-মাখিৰ মাজত পৰি ৰয় মৃতদেহটো ৷ সমগ্ৰ ঘটনাত চিকিৎসক-আশা-কৰ্মী আৰু আৰক্ষীৰ গাফিলতি থকা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে আনন্দ বজাৰৰ একাংশ ৰাইজে ৷ যাৰ বাবে মৃতদেহ চমজি ল’বলৈ অস্বীকাৰ কৰি কৰ’নাৰ পৰীক্ষণ কৰাৰ পিছতহে মৃতদেহ চমজি ল’বলৈ বিচাৰিছিল পৰিয়ালৰ লগতে গাঁৱবাসীয়ে ৷

প্ৰাপ্ত তথ্য মতে মৃত শংকৰ বৰ্মনৰ পৰিয়ালৰ সদস্য তথা গাঁৱৰ ৰাইজৰ লগতে হিন্দু জাগৰণ মঞ্চৰ পৰা  মৃত্যুমুখত পৰা আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত পাটলা কেম্পৰ শংকৰ বৰ্মন পেছাত বাছৰ হেণ্ডিমেন আছিল ৷ প্ৰতিদিনে বৰপেটা ৰোডৰ পৰা ধুবুৰীলৈ চলাচল কৰিছিল শংকৰ বৰ্মনে হেণ্ডিমেন হিচাপে কাম কৰা বাছখন ৷ কিন্তু তলাবন্ধৰ মাজতে আজিৰপৰা ২১ দিন পূৰ্বে ধুবুৰীৰ পৰা বাক্সাৰ আনন্দ বজাৰৰ নিজ গৃহত উপস্থিত হৈছিল শংকৰ বৰ্মন ৷ জ্বৰ-কাহ, চৰ্দিত আক্ৰান্ত হৈ নিজগৃহত উপস্থিত হোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ লৈ ১৭ দিন পূৰ্বে আনন্দ বজাৰৰ পল্লা নৈৰ কাষত হোম কোৱাৰেণ্টাইনত থাকিবলৈ লৈছিল শংকৰ বৰ্মন ৷ অভিযোগ মতে হোম কোৱাৰেণ্টাইনত থকা দিনকেইটাত কোনো এদিন চিকিৎসক, আশাকৰ্মী বা আৰক্ষীয়ে খবৰ লোৱা নাছিল শংকৰৰ ৷ আৰু বুধবাৰে বিয়লি বিনা চিকিৎসাই মৃত্যুক সাৱতি লয় শংকৰ বৰ্মনে ৷

 

 

বুধবাৰৰ বিয়লিৰ পৰা আজি দুপৰীয়া পৰ্যন্ত মৃতদেহ পৰি ৰয় যদিও কৰ’নাত আক্ৰান্তৰ সন্দেহত পৰিয়াল কিম্বা গাঁৱবাসীৰ কোনো এজন আগবাঢ়ি অহা নাছিল মৃতদেহৰ কাষলৈ৷ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰাৰ সময়তে দুপৰীয়াৰ ভাগত শালবাৰী মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী,সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো সম্পূৰ্ণভাৱে মানৱতা উলংঘন কৰি জেচিবিৰে কঢ়িয়াই সৎকাৰৰ পৰিৱৰ্তে গাঁতত পুতি থৈ দায়িত্ব সামৰে ৷ উল্লেখ্য যে, শংকৰ বৰ্মনৰ পৰিয়াল, চুবুৰীয়া লোক, আনন্দ বজাৰৰ একাংশ ৰাইজ আৰু বাক্সা জিলা হিন্দু জাগৰণ মঞ্চৰ ফালৰপৰা দাবী জনোৱা হৈছিল যে ঘটনাটোৱে যিহেতু এক আতংকম পৰিৱেশৰ সৃষ্টি কৰিছে সেয়ে আৰক্ষী প্ৰশাসনে মৃতদেহটো উদ্ধাৰ কৰি  কভিড-১৯ৰ পৰীক্ষা নকৰাকৈ যাতে পৰিয়ালৰ হাতত গতাই নিদিয়ে ৷ কিন্তু এই দাবীৰ প্ৰতি কোনোধৰণৰ সদিচ্ছা প্ৰকাশ নকৰি শালবাৰী মহকুমা প্ৰশাসনে মানৱতা ভূ-লূণ্ঠিত কৰি জেচিবিৰে গাঁতত পুতি থয় শংকৰ বৰ্মন নামৰ ৪৫ বয়সৰ লোকজনৰ মৃতদেহ ৷

Exit mobile version