মহিলা সবলীকৰণৰ ক্ষেত্ৰত চলচ্চিত্ৰৰ ভূমিকা অসীমঃ ভূমি পেডনেকৰ

bhumi
দম লগা কে হেইছা ছবিৰ জৰিয়তে একে নিশাই চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকৰ৷”প্লাছ চাইচ” শৰীৰেৰে বলীউডৰ প্ৰথমখন ছবিৰ জৰিয়তে চৰ্চিত হোৱা ভূমি পেডনেকৰৰ বিষয়ে জানিবলৈ ব্যাকুল হৈ পৰিছিল অনুৰাগীসকল ৷কাৰণ,সততে বলীউডৰ অভিনেত্ৰীসকলে শৰীৰৰ চৰ্চাক বিশেষকৈ প্ৰাধান্য দিয়ে ৷ কিন্তু ভূমি আছিল ব্যক্তিক্ৰম ।
কাহিনীৰ দাবী অনুসৰিয়েই প্লাছ চাইজ শৰীৰে নিজৰ প্ৰথমখন ছবিৰে চৰ্চা লাভ কৰিছিল অভিনেত্ৰী ভূমিয়ে ৷ইয়াৰ পিছত একেৰাহে “টয়লেট”,”শুভ মংগল সাৱধান”,”বালা”,”চান্দ কী আঁখ”,”সুন চিৰিয়া” আদি  বিভিন্ন ছবিৰে ব্লকব্লাষ্টাৰ তথা শক্তিশালী মহিলাৰ চৰিত্ৰত অভিনয় কৰি বলীউডত প্ৰতিষ্ঠা লাভ কৰিলে ভূমিয়ে।
সততে ভূমিক মহিলা কেন্দ্ৰীক ছবিত অভিনয় কৰা দেখিবলৈ পোৱা যায়।  এই সন্দৰ্ভত এক সাক্ষাৎকাৰত ভূমিয়ে কয়” মই চলচ্চিত্ৰ অনুৰাগীসকলৰ সন্মুখত এটা চৰিত্ৰ কি দৰে উপস্থাপন কৰিছো,সেইটো মোৰ কাৰণে অতি প্ৰয়োজনীয় ৷কাৰণ এখন চলচ্চিত্ৰই সমাজ তথা মানুহৰ মানসিক স্থিতি পৰিৱৰ্তন কৰিব পাৰে ৷ গতিকে মহিলাসকলৰ স্বাধীনতা তথা তেওঁলোকৰ অধিকাৰ এখন সমাজত উপস্থাপন কৰাৰ ক্ষেত্ৰত এখন ছবিয়ে যথেষ্ট সহায় কৰিব পাৰে ৷
এইক্ষেত্ৰত মই এনেধৰণৰ শক্তিশালী মহিলাৰ চৰিত্ৰসমূহ নিৰ্বাচিত কৰোঁ  ৷ আৰু অতি সুক্ষ্মভাৱে চৰিত্ৰটোক সজীৱ কৰিবলৈ চেষ্টা কৰো” ৷ লগতে ভূমিয়ে নিজকে এনেধৰণৰ চৰিত্ৰত অভিনয় কৰিবলৈ পায় সৌভাগ্যশালী বুলি মন্তব্য কৰে। ইফালে সাম্প্ৰতিক সময়ত সমাজত মহিলাসকলৰ স্থান সন্দৰ্ভত ভূমিয়ে কয়  “এতিয়াও সমাজত মহিলাসকলে সম অধিকাৰ লাভ কৰা নাই ,সেইয়া সকলোৱে অনুভৱ কৰাটো প্ৰয়োজন ৷গতিকে মই প্ৰায়ে এখন ছবিৰ জৰিয়তে মহিলাসকলৰ অধিকাৰৰ সম্পৰ্কত দেখুৱাবলৈ যত্ন কৰোঁ ৷
এগৰাকী মহিলাই নিজৰ প্ৰাপ্য আদায় কৰিবলৈ বা সফলতা পাবলৈ  সংঘৰ্ষ,সংঘাত কৰিবলগীয়া হয় ,বা কেতিয়াবা তেওঁলোকে নিজৰ সপোনকো বিসৰ্জন দিব লগীয়া হয় ৷তেওঁলোকৰ সফলতাৰ আঁৰৰ যাত্ৰা অত্যন্ত পংকিল ৷ গতিকে এনেধৰণৰ  মহিলাসকলৰ সংঘাত,সংঘৰ্ষৰ ছবিয়ে জনসাধাৰণৰ মনত মহিলাসকলৰ বিষয়ে থকা ধাৰণাৰ পৰিৱৰ্তন কৰিব পাৰে ” । উল্লেখযোগ্য যে ভূমি পেডনেকৰে শেহতীয়াকৈ কাৰ্তিক আয়ান আৰু অন্যান্য পাণ্ডেৰ লগত “পতি পত্নী অৌৰ ৱ”,ত অভিনয় কৰিছিল। লগতে অনাগত দিনত ভূমিক অক্ষয় কুমাৰৰ লগত  “দুৰ্গাৱতী”ছবিত দেখা যাব ।
Exit mobile version