অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ দাবী : প্ৰতিক্ৰিয়া জানিবলৈকে নিজৰ মৃত্যুৰ বাতৰি প্ৰচাৰ কৰিছিল কীমে

উত্তৰ কোৰিয়াৰ একনায়ক শাসক কীম জং উনৰ মৃত্যুৰ বাতৰিয়ে অনেক দিন ধৰি বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰি আহিছে। প্ৰকৃততে কীম জীৱিত নে মৃত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু কেনেকৈ আৰু কিয় এইজন কমিউনিষ্ট শাসকৰ মৃত্যুৰ বাতৰি ভাইৰেল হৈছিল? এই প্ৰশ্নৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ যুক্তি প্রদর্শন কৰিলে অষ্ট্ৰেলিয়াৰ এক সংবাদ মাধ্যমে । ‘স্কাই নিউজ অষ্ট্ৰেলিয়া’ই প্ৰকাশ কৰা এক প্ৰতিবেদনত দাবী কৰা অনুসৰি কীমে তেওঁৰ প্ৰকৃত বন্ধু আৰু শত্রুক চিনাক্ত কৰিবলৈকে নিজৰ মৃত্যুৰ ভুৱা বাতৰিৰ প্ৰচাৰ কৰিছিল।
এই বাতৰিত লগতে কোৱা হৈছে যে উত্তৰ কোৰিয়াৰ শাসক জনে ইমানদিনে তেওঁৰ আশে পাশে থকা লোকসকল প্রকৃততে কিমান বিশ্বাসযোগ্য সেয়া নিৰূপণ কৰিবলৈ এই কৌশল অৱলম্বন কৰিছিল। এই কাৰণতে কীমে তেওঁৰ মৃত্যু হোৱা বুলি এক নাটক ৰচিছিল বুলি ‘স্কাই নিউজ অষ্ট্ৰেলিয়া’ই দাবী কৰে। উল্লেখ্য যে বিগত প্রায় তিনি সপ্তাহ ধৰি উত্তৰ কোৰিয়াৰ শাসক জন ৰাজহুৱা আত্মপ্ৰকাশৰ পৰা বিৰত আছে। যোৱা পহিলা মে’ত কীমে দেশখনৰ এটা কাৰখানা মুকলি অনুষ্ঠানত  অংশ লোৱাৰ ফটোগ্ৰাফ প্ৰচাৰ কৰা হৈছিল যদিও শেহতীয়া ভাৱে এইখন এখন ভুৱা বুলি অভিযোগ উত্থাপিত হৈছিল।
Exit mobile version