চিৰাঙৰ এগৰাকী বৃদ্ধ আৰু এটা জৰাজীৰ্ণ টিনৰ চালিৰ ঘৰ

KAJALGAON 1

চিৰাং জিলাৰ এগৰাকী বৃদ্ধৰ দুৰ্বিসহ জীৱন গাঁথা । চিৰাং জিলাৰ বাসুগাওঁ থানাৰ অন্তৰ্গত বাসুগাওঁৰ গোগলাপাৰা আৰু ভদেয়াগুৰীৰ সীমান্তৰ বাসিন্দা এইগৰাকী বৃদ্ধ ধৰনি বৰ্মণ। দুবিঘা পৈত্রিক সম্পত্তি আছিল যদিও সেয়া চাৰি ভায়েকে দখল কৰাৰ কথা জনাইছে ৬০ বছৰ উৰ্ধৰ বৃদ্ধ গৰাকীয়ে। ৰ’দ -বৰষুণ, ধুমুহাৰ মাজতো এনেদৰে জৰাজীৰ্ণ হৈ থকা ঘৰতে বাস কৰি কোনোবাই সহায় কৰিলে খাই অন্যথা নোখোৱাকৈ লঘোণে থাকি জীৱন অতিবাহিত কৰিছে। অন্যহাতে, নিজৰ ভাতৃ সকলৰ পৰা সম্পূৰ্ণ ৰূপে অৱহেলিত হৈছে এইগৰাকী বৃদ্ধ। এতিয়া প্ৰশাসন বা বেচৰকাৰী সংস্থাৰ সহায়ৰ আশাত অসহায় বৃদ্ধ জন।

 

 

বৃদ্ধৰ ভাতৃ দুলু বর্মনৰ সৈতে হোৱা কথাবার্তাত জ্যেষ্ঠ ককায়েকৰ কথা স্বীকাৰ কৰে যদিও তেওঁৰ চিকিৎসাৰ ক্ষমতা নাই বুলি জনায়। গাওঁবাসীয়ে সাধ্যানুসাৰে খাদ্যৰ যোগান ধৰে । তলাবন্ধৰ সময়ছোৱাত আছু বাসুগাওঁ আঞ্চলিক সমিতিয়ে সাহাৰ্য প্ৰদান কৰিবলৈ গৈ এইজন বৃদ্ধৰ এনে অৱস্থা দেখাৰ পাছতে বৃদ্ধ গৰাকীৰ জীৱনৰ তথ্য পোহৰলৈ আহে। এনেদৰে অৱহেলিত জীৱন কটায়েই তেওঁ এতিয়া চৰকাৰক সহায়ৰ বাবে আহ্বান জনাইছে।

Exit mobile version