তলাবন্ধৰ মাজতে দক্ষিণ কামৰূপৰ ছয়গাঁৱত বিবাহ সম্পন্ন

CHAYGAON MARRIAGE

অসমীয়া নৱবৰ্ষৰ সময়তে ৰাজ্যত আৰম্ভ হয় বিয়াৰ বতৰ। কিন্তু কৰ’না সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে অব্যাহত থকা তলাবন্ধৰ বাবে পূৰ্বৰ দৰে নাই বিয়াৰ উৎসাহ উদ্দীপনা। পিছে ইয়াৰ মাজতে আজি ছয়গাঁৱৰ ভূঞাপাৰাত অনুষ্ঠিত হ’ল এখন বিবাহ। কামৰূপ জিলা আৰু কামৰূপ মহানগৰ প্ৰশাসনৰ অনুমতি সাপেক্ষে সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি শিৱসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নীলমণি মহন্ত আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃঅৰুন্ধতী মহন্তৰ পুত্ৰ তথা অসম সচিবালয়ৰ বিষয়া শুভাসীষ মহন্তৰ চয়গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অম্বিকা দেৱ শৰ্মা আৰু অঞ্জলি দেৱীৰ কন্যা তথা অসম সচিবালয়ৰ বিষয়া ৰুণু দেৱী শৰ্মাৰ বিবাহ সম্পন্ন হয় ।

 

পুৱা ঐতিহ্যমণ্ডিত চণ্ডিকা দেৱালয়ৰ পৰা শিৱসাগৰৰ দৰা পক্ষই ২০ জন লোকেৰে কইনাঘৰলৈ যাত্ৰা আৰম্ভ কৰে। তাৰপিছতে দৰা কইনা দুয়ো মুখত মাস্ক পিন্ধি হোম-যজ্ঞক সাক্ষী কৰি পৰম্পৰাগত নীতি নিয়মেৰে যুগ্ম জীৱনৰ পাতনি মেলে। উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলত বিয়াখন সম্পন্ন হোৱাৰ কথা আছিল যদিও তলাবন্ধৰ বাবে আজি আয়োজন কৰিলে বিয়াখনৰ। সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি দিনৰ ভাগতে সম্পন্ন কৰিলে বিয়াৰ মাংগলিক অনুষ্ঠান।

Exit mobile version