আমেৰিকাত সবাতোকৈ অধিক মাৰাত্মক ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে । সৰ্বাধিক মানুহ ক’ভিড -১৯ত আক্ৰান্ত হোৱাৰ সমানে মৃত্যুৰ হাৰো আন দেশৰ তুলনাত বেছি । অথচ একাংশ আমেৰিকানে পাৰ্টিৰ আয়োজন কৰি কৰ’না ভাইৰাছ বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে আমেৰিকাৰ ছিয়াটোলৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ৱাল্লা ৱাল্লা কমিউনিটৰ স্বাস্থ্য পৰিচালক মেঘান ডিব’ল্টে কয়, ‘আক্ৰান্ত সকলৰ ভিতৰত বহুতেই পাৰ্টিৰ আয়োজন কৰি কৰ’না ভাইৰাছ বিয়পাইছে । আমি নাজানো কি হৈছে । আমি ৰোগীসকলৰ মুখৰ পৰাই এই কথা শুনিছো।’
ইয়াৰ পূৰ্বেও আমেৰিকাত কৰ’না পাৰ্টিৰ আয়োজনৰ বাতৰি প্ৰকাশ পাইছিল । যোৱা মাৰ্চত কেন্টাকিৰ গৱৰ্ণৰ এণ্ডি বেছেয়াৰে জনোৱা মতে, এজন লোকে কৰ’না পাৰ্টিত অংশ লৈ আক্ৰান্ত হোৱা বুলি জনাইছিল । সম্প্ৰতি ৱাছিংটন ৰাজ্যত এই পাৰ্টিৰ বিষয়ত কৰ্তৃপক্ষই সতৰ্ক বাৰ্তা জাৰি কৰিছে । ৱাছিংটন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী জন ৱাইছমেনে এক বিবৃতিযোগে কয়, ‘এই ভাইৰাছৰ বিষয়ে এতিয়াও আমি বহু কথাই নাজানো । এই মহামাৰীৰ সময়ত সমবেত হোৱাটো মাৰাত্মক বিপজ্জনক হ’ব পাৰে ।’