ক’ভিড-১৯ ভাইৰাছৰ বিশ্বজুৰি চীনে বিয়পাই দিয়া বুলি মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অহৰহ দোষাৰোপ কৰি থকাৰ সময়তে ভাৰতে মাৰ্কিন ব্যৱসায়ী সকলক প্ৰলোভিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এজাহাৰৰো অধিক মাৰ্কিন কোম্পানীৰ ওচৰ চাপিছে আৰু চীনৰ পৰা আঁতৰি আহি ভাৰতত উৎপাদন আৰম্ভ কৰিলে বিভিন্ন সকাহ প্ৰদান কৰিব বুলিও প্ৰস্তাৱ দিছে । বিশেষকৈ চিকিৎসা সঁজুলি উৎপাদন কৰা কোম্পানীসমূহক অগ্ৰাধিকাৰ দিছে ভাৰতে । তদুপৰি খাদ্য সংসাধন কোম্পানী, চামৰা উদ্যোগ আৰু যান-বাহনৰ পাৰ্টছ উৎপাদনকাৰী কোম্পানীক ভাৰতে লক্ষ্য কৰি লৈছে। এই তালিকাত আছে প্ৰায় ৫৫০ টা সামগ্ৰী উৎপাদনকাৰী কোম্পানী।
কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে চীনক দোষাৰোপ কৰা কাৰ্যই বিশ্বজুৰি একাধিক দেশে বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ দেশৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ কৰিছে । জাপানে ইতিমধ্যে ইয়াৰ চীনৰ ফেক্টৰী আঁতৰাই আনিবলৈ দেশৰ কোম্পানীসমূহক ২.২ বিলিয়ন ডলাৰ সহায় হিচাপে ধার্য কৰিছে। একেদৰে ইউৰোপীয়ান ইউনিয়নৰ সদস্য দেশসমূহে চীনৰ যোগানকাৰীৰ পৰা নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ পৰিকল্পনা কৰিছে।
ভাৰতে এই পৰিস্থিতিত স্বাস্থ্য সেৱা সম্পৰ্কীয় সামগ্ৰী উৎপাদনৰ পৰা মাৰ্কিন কোম্পানীসমূহৰ মন জয় কৰিব বুলি আশা কৰিছে । সূত্ৰত প্ৰকাশ যে এনে বিশ্বখ্যাত দুটামান কোম্পানীয়ে চীনৰ পৰা তেওঁলোকৰ উৎপাদন কাৰখানা ভাৰতলৈ আনিবলৈ আলোচনা অব্যাহত ৰাখিছে । কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ বিষয়াই কয় যে মাৰ্কিন অথবা জাপানৰ কোম্পানীসমূহে নিজ দেশলৈ উভতিলে উৎপাদন খৰছ বৃদ্ধি পাব। ভাৰতৰ ক্ষেত্ৰত ভূমি আৰু দক্ষ শ্ৰমিক কম খৰছতে উপলব্ধ হ’ব । তদুপৰি ভাৰতে প্ৰয়োজন হ’লে শ্ৰম আইনত সালসলনি ঘটাব বুলিও আশ্বাস দিছে । ভাৰতত এই আইনখনে বহু বিদেশী কোম্পানীৰ প্ৰতি গুৰুতৰ প্রতিবন্ধকতাৰ সৃষ্টি কৰা বুলি কোৱা হৈছে।
কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰনালয়ৰ সূত্ৰত প্ৰকাশ যে ট্ৰাম্পে চীনৰ সতে বাণিজ্য দ্বন্দ্ব আৰম্ভ কৰাৰ সময়তে বহু কোম্পানীয়ে ভাৰতৰ সলনি ভিয়েটনামক চীনৰ বিকল্প স্থলী ৰূপে বিবেচনা কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে হেৰুওৱা স্থান উভতাবলৈ চেষ্টা কৰিছে। মোদীয়ে মার্কিন বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে মার্কিন সচিব মাইক পাম্পেঅ’ই কয় যে আমেৰিকাই ভাৰত, অষ্ট্ৰেলিয়া, জাপান, নিউজিলেণ্ড, দক্ষিণ কোৰিয়া আৰু ভিয়েটনামৰ দৰে দেশৰ সতে আলোচনা অব্যাহত ৰাখিছে। যোগান ব্যৱস্থাৰ পুনৰ গাঁথনিৰ বিষয়ত এই আলোচনা কৰা হৈছে বুলিও তেওঁ কয় । তথ্য অনুসৰি মাৰ্কিন প্ৰশাসনে চীনৰ পৰা বিশ্ব যোগানৰ শিকলিডাল আঁতৰাবলৈ চেষ্টা কৰিছে । বিশ্বস্ত সহযোগীৰ স’তে অৰ্থনৈতিক সমৃদ্ধিৰ বাট মোকলাবলৈ মাৰ্কিন প্ৰশাসনে চেষ্টা কৰিছে ।