বিশেষভাৱে সক্ষম বৃদ্ধাক গাঁতত পুতি থ’লে পুত্ৰই

china 1

এগৰাকী ৭৯ বছৰীয়া বিশেষভাৱে সক্ষম বৃদ্ধাক জীৱন্তে গাঁতত পুতি থৈছিল পুত্ৰই । পুত্ৰৰ এনে অমানৱীয় কাণ্ড সত্বেও তিনিদিনৰ পাছত বৃদ্ধাগৰাকী জীৱন্তে উদ্ধাৰ হ’ল । এনে অলৌকিক কাণ্ডত আশ্চৰ্যচকিত হৈ পৰিছে সকলো । এনে অস্বাভাৱিক কাণ্ড সংঘটিত হৈছে চীনৰ শ্বানকি প্ৰদেশত । বৃদ্ধা গৰাকীক উদ্ধাৰ কৰাৰ পাছত বৰ্তমানে সুস্থ অৱস্থাত থকা বুলি স্থানীয় প্ৰশাসনে জনাইছে । এই ঘটনাৰ পাছতে আৰক্ষীয়ে বৃদ্ধাৰ পুত্ৰ মাওক গ্ৰেপ্তাৰ কৰে । বৃদ্ধাগৰাকী নিৰুদ্দেশ হোৱাৰ কথা তেওঁৰ বোৱাৰীয়েকে শ্বানকি আৰক্ষীক জনাইছিল ।পাছত আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে অভিযুক্ত পুত্ৰৰ বিৰুদ্ধে হত্যাৰ অপচেষ্টাৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে । ৱাং নামৰ বৃদ্ধাগৰাকীৰ বোৱাৰীয়েকে আৰক্ষীক জনায় যে যোৱা দেওবাৰে নিশা প্ৰায় আঠ বজাত তেওঁৰ স্বামীয়ে শাহুয়েকক লৈ ওলাই যোৱাৰ পাছৰে পৰা উভতি অহা নাই । ইয়াৰ পাছতে আৰক্ষীয়ে মাওক সোধপোছ কৰাত তেওঁ মাতৃক জীৱন্তে পুতি থোৱাৰ কথা স্বীকাৰ কৰে । লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধাগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অলৌকিকভাৱে পক্ষাঘাতত ভোগা বৃদ্ধাগৰাকী বিগত তিনিদিন ধৰি কোনো আহাৰ বা পানী অবিহনেই জীৱিত অৱস্থাত আছিল । বৃদ্ধাগৰাকীক কেনে পদ্ধতিৰে গাঁতত পুতি ৰখা হৈছিল বা কেনেকৈ তেওঁ জীয়াই থাকিল, সেই বিষয়ত কোনো তথ্য আৰক্ষীয়ে সদৰী কৰা নাই । সেইদৰে পুত্ৰই কিয় এনে কাম কৰিলে; সেয়াও এই পৰ্যন্ত পোহৰলৈ অহা নাই।

Exit mobile version