বোৰ্খা পৰিধান কৰিয়ে মন্দিৰৰ জীৱাণুনাশ কৰিছে মহিলাই

EXdH u3XYAYikR

মূৰৰ পৰা ভৰি পৰ্যন্ত বোৰ্খাৰে ঢকা আছে । সেইদৰেই পুৱাৰ পৰা গধূলিলৈ চাফাইকাৰ্য চলাই আছে মন্দিৰ মছজিদ গুৰুদ্বাৰত । কৰ’না সংক্ৰমণৰ সময়ত এইগৰাকী মহিলাৰ উদ্যোগক আদৰনি জনাইছে উত্তৰ দিল্লীৰ নেহেৰু বিহাৰে । উল্লেখযোগ্য যে কিছুমাহৰ পূৰ্বে দিল্লীৰ উত্তৰ পূব প্ৰান্তত ধৰ্মৰ নামত একাংশ লোক মত্ত হৈ পৰিছিল ৰক্তৰ ফাকু খেলত । কিন্তু দুমাহৰ পিছতে কৰ’না মহামাৰীয়ে হিন্দু মুছলমান ধৰ্মালম্বীসকলক সংক্ৰমণৰ বিৰুদ্ধে একজোঁট হৈ সংগ্ৰাম কৰি যাবলৈ শিক্ষা প্ৰদান কৰিলে ৷ ইয়াৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ইমৰানা ছাইফি নামৰ তিনি সন্তানৰ মাতৃগৰাকীয়ে৷ নিয়ম মানিয়ে সুৰ্যাস্তৰ পৰা সুৰ্যোদয় পৰ্যন্ত ৰমজান মাহৰ ৰীতি পালন কৰি আছে ।

 

ইয়াৰ সমান্তৰালকৈ নিজক ব্যস্ত ৰাখিছে নিজৰ অঞ্চলটো কৰ’নামুক্ত কৰি ৰখাত ৷ চাফাইকৰ্মীৰূপে হাতত জীৱাণুনাশক স্প্ৰে লৈ অবিৰতভাৱে তেওঁ ঘূৰি ফুৰিছে উত্তৰ দিল্লীৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ ৷ স্বাস্থ্যবিধি অনুসৰি বোৰ্খা পৰিধান কৰি অব্যাহত ৰাখিছে অঞ্চলটোৰ ছেনিটাইজাৰৰ কাম । আনহাতে সপ্তম শ্ৰেণীৰ পিছত পঢ়া শুনা অব্যাহত ৰাখিব পৰা নাছিল ইমৰানাই ৷ কিন্তু মানৱতাৰ পাঠ পঢ়িছে তেওঁ ৷ সেয়েহে সংকটৰ সময়ত মানুহৰ কাষত ঠিয় দিয়া ইমৰানাই গঠন কৰিছে কৰ’না যোদ্ধাৰ দল । এই দলটোত আছে তিনিজন সদস্য । ইফালে কিছুদিন পূৰ্বে নাগৰিকত্ব সংশোধনী আইনৰ কাৰণে দিল্লীত হোৱা পৰিস্থিতিৰ সময়ত ধৰ্মক পাহৰি আৰ্তজনৰ কাষত থিয় দিছিল ইমৰানাই । এই মন্তব্য এজন স্থানীয় লোকৰ।

 

এই সন্দৰ্ভত ইমৰানাৰ কয় “এই সংকটকালত মই মন্দিৰ মছজিদ, গুৰুদ্বাৰৰ মাজত ভেদাভেদ ৰখা নাই । মই ভাৰতৰ সম্প্ৰীতি বজাই ৰাখিব খোজো । দিল্লীৰ নেহেৰু বিহাৰ দূৰ্গা মন্দিৰৰ পুৰোহিত পণ্ডিত যোগেশ কৃষ্ণাই কয় “এনে ধৰণৰ পদক্ষেপ সাম্প্ৰদায়িক সম্প্ৰীতিৰ উৰ্ধ্বত ৷ এইদৰে আমি ইজনে সিজনক সহায় কৰা উচিত । ঘৃণা বৰ্জন কৰি ভালপোৱা আশ্ৰয় উচিত ৷ উল্লেখযোগ্য যে ইমৰানাৰ স্বামী নিয়ামত আলীয়ে পানীৰ নলা মেৰামতিৰ কাম কৰে । সেয়েহে সংসাৰৰ আৰ্থিক স্বাচ্ছন্দ্য অটুত ৰাখিবলৈ চাফাই কৰ্মীৰ কাম কৰে ইমৰানাই ।

Exit mobile version