তলাবন্ধৰ অচিলাৰে চাউলৰ চালান ব্যৱহাৰেৰে নগালেণ্ডলৈ সৰবৰাহ বালি

WhatsApp Image 2020 05 10 at 2.30.47 PM

তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ ব্যৱসায়ীয়ে চাউলৰ চালান ব্যৱহাৰেৰে নগালেণ্ডলৈ বালি সৰবৰাহ অব্যাহত ৰাখিছে | শনিবাৰে কাৰ্বি আংলঙৰ কয়লামাটিৰ পৰা ডিমাপুৰলৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এনে অবৈধ বালি সৰবৰাহ কৰা পাঁচখনকৈ ট্ৰাক বোকাজান আৰক্ষীয়ে জব্দ কৰে ৷ প্ৰথম অৱস্থাত চালকে চাউল অনা বুলি কৈ চালান দেখুৱাইছিল যদিও পাছত আচলতে ট্ৰাককেইখনত আছিল বালি |

আৰক্ষীৰ মতে তদন্তৰ পাছতহে সম্পূৰ্ণ ঘটনা পোহৰলৈ আহিব আৰু কোনো আসোঁৱাহ পালে জৰিমনা আদায় কৰা হব ৷ কিন্ত প্ৰথম অৱস্থাত কিয় ট্ৰাক কেইখনত চাউল বোজাই আছে বুলি চালকে কলে সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত ৷ আনহাতে বোকাজানৰ বনবিভাগৰ চকুৰ সমুখতেই এনেদৰে ভুৱা চালানেৰে বহিঃৰাজ্যলৈ বালি সৰবৰাহ ধাৰাবাহিক ভাৱে সংঘটিত হৈ আহিছে যদিও ধৰা পৰাৰ পাছত ক’ৰ পৰা তাৎক্ষণিকভাৱে চালান প্ৰস্তুত হয় সেয়াও আশ্চৰ্যৰ বিষয় হৈ পৰিছে ৷ শনিবাৰে আৰক্ষীৰ জালত পৰা ট্ৰাককেইখনৰ নম্বৰ হল ক্ৰমে এনএল ০৭-এ ১৬৩৩, এনএল ০৭- এ ১১২০, এনএল ০৭-এ ০৩৯৩, এন এল ০৭-এ ৬১৯০ আৰু বি আৰ- ৫৫-এ-১৩২১ |

Exit mobile version