তলাবন্ধৰ মাজতে ঘৰ খালী কৰাৰ নিৰ্দেশ

Screenshot 20200510 161645

তলাবন্ধৰ মাজতে আমচাং অভয়াৰণ্যৰ অন্তৰ্গত বনভূমি বেদখল কৰাসকলক ১৫ দিনৰ ভিতৰত বনাঞ্চলৰ মাটি এৰি আঁতৰি যাবলৈ মহানগৰীৰ আমচিং গাঁও পঞ্চায়তৰ অন্তৰ্গত জনশিমলু, গাৰোবস্তি, বড়োবস্তি আদিৰ বাসিন্দাসকলক নিৰ্দেশ দিছে বনবিভাগে । সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ স্বাৰ্থত দেশজুৰি অব্যাহত থকা তলাবন্ধৰ মাজতে এই নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰে দুমুখীয়া চৰিত্ৰ উদঙাই দিয়া বুলি গাৰোবস্তিৰ বাসিন্দাসকলে ক্ষোভ উজাৰিছে ।

বন বিভাগে জাৰি কৰা এই নিৰ্দেশনা লাভৰ পাছতে মৃত্যুভয়ে খেদি ফুৰা বুলি উল্লেখ কৰি আমচাং গাঁও পঞ্চায়তৰ ন নম্বৰ ৱাৰ্ডৰ বাসিন্দা সুভদ্ৰা মাৰাকে কয় “তলাবন্ধ ঘোষণা কৰি সকলোকে ঘৰতে থাকিবলৈ দিছে ৷ তলাবন্ধত আমি ঘৰৰ পৰা ওলোৱা নাই। অথচ বনকৰ্মীয়ে শনিবাৰে আহি ঘৰ খালি কৰাৰ নিৰ্দেশ দিছে ৷ যিটো পৰিয়ালত মানুহ পোৱা নাই তাত বেৰত জাননী আঠা লগোৱা হৈছে । বন বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ কাৰণে আমাক মৃত্যু ভয়ে খেদি ফুৰিছে । এই সন্দৰ্ভত তেওঁ কয় যে নিৰ্ধাৰিত ১৫ দিনৰ ভিতৰত যদি ঘৰ খালী কৰা নহয় তেন্তে সকলো সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলি জাননীত উল্লেখ কৰিছে বন বিভাগে ৷ তলাবন্ধৰ সময়ত যদি উচ্ছেদ কৰে তেন্তে ইয়াৰ বাসিন্দাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লাগিব। তেতিয়া সকলোৱে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈয়ে মৰিব লাগিব । গতিকে বনবিভাগে এই নিৰ্দেশনা জাৰি কৰিলেও কোনো কাৰণতে ঘৰ খালী কৰাৰ প্ৰশ্নই নুঠে । কৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈ মৰাতকৈ বনকৰ্মীৰ গুলীৰ দ্বাৰা তেওঁ মৰিবলৈ সাজু বুলি উল্লেখ কৰে ।

অনুৰূপ মন্তব্য গাৰোসকলৰ গাঁওবুঢ়া জুনু চাংমাৰ ৷ তেওঁ কয় “ওলাই গৈ কৰ’নাত মৰিবৰ ইচ্ছা নাই । ইয়াতে যুঁজ কৰি মৰিম । যাবলৈ দিলেও নাযাওঁ । কেতিয়াৰ পৰা ইয়াত বসবাস কৰি আছো নাজানোৱেই । ইপিনে আমচিং অভয়াৰণ্যৰ বনভূমিত নতুনকৈ বেদখল কৰা লোকৰ মাজতহে শনিবাৰে জাননী জাৰি কৰা বুলি উল্লেখ কৰে গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰাধিকাৰী জীতেন্দ্ৰ কুমাৰে ।

দৈনিক অগ্ৰদূতৰ আগত তেওঁ এই কথা সদৰী কৰি কয় “আমচিং অভয়াৰণ্যৰ বনভূমি যিসকল লোকে দখল কৰি আছে সেইসমূহ পৰিয়াল তথা প্ৰতিষ্ঠানৰ মাজত জাননী জাৰি কৰা হৈছে । পুৰণি বাসিন্দাৰ মাজত এনে জাননী জাৰি কৰা হোৱা নাই।” লগতে এই মুহুৰ্ততে উচ্ছেদ অভিযান চলিব নে নচলে সেয়া স্পষ্ট হোৱা নাই বুলি অৱগত কৰি তেওঁ কয় যে উচ্ছেদৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতা লাগিব। এই মূহুৰ্তত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কামত ব্যস্ত আছে ।গতিকে এই সময়ছোৱাত উচ্ছেদ অভিযান চলোৱা হ’ব নে নহয় এতিয়াই স্পষ্ট কৰা টান বুলি মন্তব্য কৰে জীতেন্দ্ৰ কুমাৰে।

Exit mobile version