ন মে’ পৰ্যন্ত দেশত ২৮৩ খন ‘বিশেষ শ্ৰমিক ৰে’ল’ৰ চলাচল

859910 shramik 970

দেশৰ ভিন্ন প্ৰান্তত তলাবন্ধৰ পৰিপ্ৰেক্ষিতত আবদ্ধ হৈ পৰা শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, ছাত্ৰ-ছাত্ৰীক ভাৰতীয় ৰে’ল বিভাগে ন মে’ৰ পৰ্যন্ত সমগ্ৰ দেশত মুঠ ২৮৩ খন ‘বিশেষ শ্ৰমিক ৰে’ল’ৰ চলাচলৰ জৰিয়তে স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰোৱালে | উল্লিখিত এই ৰেলসমূহৰ ভিতৰত ২২৫ খনে ইতিমধ্যে গন্তব্যস্থানত আৰু ৫৮ খনৰ ৰেলৰ যাত্ৰা অব্যাহত আছে । ৪৯ খন আৰু শ্ৰমিক বিশেষ ৰে’লগাড়ী চলাচলৰ বাবে সাজু হৈছে । এই ২৮৩ খন ৰে’লৰ দুখন খন অন্ধ্ৰ প্ৰদেশৰ পৰা, ৯০ খন বিহাৰৰপৰা, এখন হিমাচল প্ৰদেশৰপৰা, ১৬ খন ঝাৰখণ্ডৰপৰা, ২১ খন মধ্য প্ৰদেশৰপৰা, তিনিখন মহাৰাষ্ট্ৰৰপৰা, ২১ খন ঊড়িষ্যাৰপৰা, চাৰিখন ৰাজস্থানৰপৰা, দুখন তেলেঙ্গানাৰপৰা, ১২১ খন উত্তৰ প্ৰদেশৰ পৰা আৰু দুখন পশ্চিমবঙ্গৰপৰা চলাচল কৰিছে ।

ADVERTISEMENT

এই ৰে’লগাড়ীসমূহে প্ৰয়াগৰাজ, চাপড়া, বালিয়া, গয়া, পুৰ্ণিয়া, বাৰানসী, ডৰভাঙ্গা, গোৰখপুৰ, লক্ষনৌ, জউনপুৰ, হাটীয়া, বস্তি, কাটিহাৰ, দানাপুৰ, মুজাফৰপুৰ, সাহাৰ্চা আদিলৈ যাত্ৰী কঢ়িয়াইছে। উল্লেখ্য যে সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিখন ‘শ্ৰমিক বিশেষ’ ৰে’লত ১২০০ জনকৈ যাত্ৰী কঢ়িওৱা হৈছে। ৰে’লত উঠাৰ আগতে যাত্ৰীসকলৰ শৰীৰৰ তাপমাত্ৰা জোখা হৈছে। যাত্ৰাকালত যাত্ৰীসকলক বিনামূলীয়াকৈ খাদ্য আৰু পানী যোগান দিয়া হৈছে।

Exit mobile version