ৰাম মন্দিৰ নিৰ্মাণলৈ দান দিলে ৰেহাই পাব আয়কৰ

n 5 6

অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ধন দান দিলে কৰদাতাসকলে আয়কৰ ৰেহাই পাব ৷ দেশজুৰি কৰ’না আতংকৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। ইয়াৰ দ্বাৰা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে পুঁজি সংগ্ৰহত সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে । ২০২০-২১ অৰ্থাৎ চলিত বিত্তীয় বৰ্ষৰ পৰাই এই নীতি প্ৰযোজ্য হ’ব । এক বিবৃতিৰ দ্বাৰা এই কথা সদৰী কৰিছে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰণালয়ৰ অধীনস্থ ৰাজহ বিভাগৰ প্ৰত্যক্ষ কৰৰ কেন্দ্ৰীয় পৰিষদে ৷ এই সিদ্ধান্তৰ দ্বাৰা আয়কৰ আইনৰ ৮০ জি অনুচ্ছেদৰ অধীনলৈ অনা হ’ল ৰাম মন্দিৰ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসক। ইয়াৰ ফলত মন্দিৰ নিৰ্মাণৰ বাবে কোনো কৰদাতাই অৰ্থদান কৰিলেই আয়কৰ ৰেহাই পাব।

ADVERTISEMENT

শনিবাৰে কেন্দ্ৰৰ তৰফৰ পৰা এক বিবৃতি যোগে জনোৱা হয় যে শ্ৰীৰামজন্মভূমিক তীৰ্থ ক্ষেত্ৰ সাধাৰণ মানুহৰ উপাসনাস্থলী । তদুপৰি ইয়াৰ এক বিশেষ ঐতিহাসিক গুৰুত্বও আছে । সেইবাবেই এই আইনৰ আওতাত অনুদানৰ ক্ষেত্ৰত কৰ ৰেহাই পাব বুলি এক সূত্ৰই জনাইছে । শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসলৈ অৰ্থদান কৰিলে ৫০ শতাংশ পৰ্যন্ত আয়কৰ ৰেহাই পাব বুলি এক সূত্ৰই জনাইছে । ১৯৬১ ৰ আয়কৰ আইনৰ ৮০ জি অনুচ্ছেদ অনসৰি, নিৰ্দিষ্ট কিছু সেৱা প্ৰতিষ্ঠান বা চৰকাৰী ত্ৰাণ তহবিললৈ দান কৰিলে আয়কৰ ৰেহাই পোৱা যায় ৷ আকৌ আয়কৰ আইনৰ ১১ আৰু ১২’ধাৰৰত কৰ ৰেহাইৰ বাবে আবেদন জনাব পাৰে যিকোনো সেৱা প্ৰতিষ্ঠান তথা ধৰ্মীয় সংগঠনেও । চৰকাৰে এই আবেদনত অনুমোদন জনালে সেই সংগঠনে আয়ৰ বাবদ কোনো কৰ দিব নালাগে ।

ইপিনে ৮০  জি আইনৰ বি অনুচ্ছেদৰ পাঁচ নম্বৰ উপ ধাৰা অনুসৰি, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গীৰ্জা তথা অন্যান্য ধৰ্মীয় স্থান নিৰ্মাণ বা মেৰামতিৰ বাবে যিকোনো পৰিমাণৰ ধন দান কৰিব পাৰে ৷ শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসক ইয়াৰ আওতালৈকে অনা হৈছে । উল্লেখযোগ্য যে বহু বছৰৰ বাদ-বিবাদৰ অন্তত বিগত বৰ্ষৰ ৯ নবেম্বৰত উচ্চতম ন্যায়ালয়ে ঐতিহাসিক অযোধ্যা গোচৰৰ ৰায়দান কৰিছিল । প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিতৰ্কিত ভূমি ৰামজন্মভূমি ন্যাসৰ অধীনলৈ যাব বুলি ৰায় দিয়ে । সেইদৰে মছজিদ নিৰ্মাণৰ বাবে উচ্চতম ন্যায়ালয়ে ছুন্নি ৱাকফ ব’ৰ্ডক বিকল্প পাঁচ একৰ ভূমি দিয়াৰ নিৰ্দেশ দিয়ে।

Exit mobile version