কৰ’না আক্ৰান্ত চিকিৎসককো কাম কৰি যাবলৈ চাপ দিয়া হৈছে ৰাছিয়াত

Russia

ৰাছিয়াৰ দক্ষিণ মস্কোত কৰ’না সংক্ৰমিত ৰোগীৰ চিকিৎসাৰ দায়িত্বত থকা একো এজন চিকিৎসকে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । তীব্ৰ মানসিক চাপৰ ভাবেই চিকিৎসকজনে হাস্পতালৰ খিৰিকীৰে জঁপিয়াই আত্মহত্যা কৰে । ৰাছিয়াত সম্প্ৰতি চিকিৎসক-স্বাস্থ্যকৰ্মীৰ বাবে পি পি ইৰ তীব্ৰ নাটনি হৈছে । চিকিৎসক-স্বাস্থ্যকৰ্মীসকলে মাস্ক আৰু হাত মোজাই প্ৰয়োজন অনুসৰি লাভ কৰা নাই । এই তথ্য অত্যন্ত ভয়াবহ হ’লেও এয়াই সম্প্ৰতি ৰাছিয়াৰ চিকিৎসকসকলৰ বাবে বাস্তৱ সত্য ।

কৰ’নাৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধখন এনে এক অৱস্থাৰ মাজৰেই চলিছে । আনক সুস্থ কৰিবলৈ গৈ নিজেই আক্ৰান্ত হৈছে চিকিৎসক-স্বাস্থ্যকৰ্মীসকল । এনে এক বিশৃংখল পৰিস্থিতিৰ মাজতে চিকিৎসকৰ আত্মহত্যাৰ দৰে ঘটনা ঘটিছে । যোৱা কে’বাদিন ধৰি দেশখনত চিকিৎসক -স্বাস্থ্যকৰ্মীৰ বাবে পি পি ই -মাস্ক আদি পৰ্যাপ্ত সংখ্যাত নথকাৰ অভিযোগ উত্থাপন হৈ আহিছে । ফলস্বৰূপে চিকিৎসকসকল নিজেই কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে কে’বাজনো চিকিৎসকৰ ইতিমধ্যে মৃত্যুও হৈছে । ফলত চিকিৎসক-স্বাস্থ্যকৰ্মী সকলে তীব্ৰ মানসিক চাপৰ মাজত কাম কৰিবলগীয়া হৈছে ।

এনে মানসিক চাপৰ মাজতে দক্ষিণ মস্কোৰ ভোৰোঝেস্ক অঞ্চলৰ চিকিৎসক আলেকজেণ্ডাৰ শুলেপভে আত্মহত্যা কৰাৰ চৰম সিদ্ধান্ত লয় । চিকিৎসক জনৰ দায়িত্ব আছিল এম্বুলেন্সত অহা ৰোগীৰ চোৱা -চিতা কৰাৰ; কিন্ত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে কাম কৰিবলগীয়া হোৱাত সহকর্মীৰসকলৰ স’তে প্ৰতিবাদত নামে শুলেপভে । প্ৰতিবাদত অংশ লৈ শুলেপভ হাস্পতাল কর্তৃপক্ষৰ শত্ৰু স্বৰূপ হৈ পৰে । ইয়াৰ পাছত কৰ’না ‘পজিটিভ’ হয় শুলেপভৰ । হাস্পতালতে শুলেপভৰো চিকিৎসা আৰম্ভ হয় ।

চিকিৎসক জনে ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত এটি প’ষ্ট দিয়ে । প’ষ্টটোত তেওঁ অভিযোগ কৰে যে কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱা সত্বেও শুলেপভক কাম কৰি যাবলৈ চাপ দিছিল হাস্পতাল কৰ্তৃপক্ষই । ফলত আৰু মানসিক চাপ লৈ কাম কৰি যাব নোৱাৰিলে শুলেপভে । সেয়েহে হাস্পতালৰ খিৰিকীৰে জঁপিয়াই নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত লয় । একাংশৰ মতে চাপ অথবা নিৰাপত্তাহীনতাৰ বাবে আত্মহত্যা কৰা নাই শুলেপভে । ধূমপান কৰা শুলেপভে হাস্পতালৰ খিৰিকীৰে বাহিৰ ওলাব বিচৰাৰ সময়তে দুৰ্ঘটনা ঘটে । নিজে চিকিৎসক হোৱা সত্বেও কৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱাত সহকৰ্মী চিকিৎসকসকলে শুলেপভলৈ আঙুলি টোঁৱাইছিল । এনে অপবাদ সহ্য কৰিব নোৱাৰিয়েই শুলেপভে আত্মহত্যা কৰে ।

Exit mobile version