কৰ’না বিয়পোৱাৰ শংকাত অসমে ছীল কৰিলে ত্ৰিপুৰা সীমান্ত

border assam

ত্ৰিপুৰাত আকস্মিক ভাৱে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্নতাৰ বৃদ্ধি কৰিছে অসমত । ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ত্ৰিপুৰাৰ লগত থকা সীমান্ত ছীল কৰি দিয়ে। ফলস্বৰূপে চিকিমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য কেইখনত আবদ্ধ হৈ থকা অসমৰ লোকক দ্বিধাহীনভাৱে ওভতাৰ যি সুযোগ দিয়া হৈছিল সেয়াও ত্ৰিপুৰাৰ ক্ষেত্ৰত বন্ধ হৈ পৰিল। আনহাতে, নগালেণ্ডতো অসম সীমান্ত বন্ধ কৰি দিয়াৰ ফলত নাগালেণ্ডত আবদ্ধ লোকসকলৰো গৃহাভিমুখী যাত্ৰা বন্ধ হৈ পৰে। অসমত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চুবুৰীয়া ৰাজ্য খনে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ত্ৰিপুৰাত ১৩৫ লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। অৱশ্যে ইয়াৰে ১৩২ জন হ’ল সেনাবাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ লোক। মাত্ৰ কেইটামান দিনৰ ভিতৰতে দুজনৰ পৰা ত্ৰিপুৰাত ইমান বৃহৎ সংখ্যক লোক আক্ৰান্ত হোৱাৰ ফলত সতৰ্কতাৰ অংশ হিচাপে অসম চৰকাৰে কৰিমগঞ্জৰ মাজেৰে ৰাজ্যখনত প্ৰৱেশ কৰা চোৰাইবাৰীৰ সীমান্ত পথ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়ে। ইয়াৰ লগতে সীমান্ত অঞ্চল ছীল কৰি দিয়া হয়। কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ বাহনৰ ক্ষেত্ৰতহে চুৰাইবাৰীৰ সীমান্ত খুলি দিয়া হ’ব ।

ইপিনে, অসমক লৈ শংকিত হৈছে নগালেণ্ড। নগালেণ্ডত বৰ্তমান এজনো কৰ’না আক্ৰান্ত নাই। তেনেক্ষেত্ৰত ৰাজ্যখনত যাতে বাহিৰৰ পৰা যোৱা কোনো লোকে সংক্ৰমণ ঘটাব নোৱাৰে তাৰ পৰিপ্ৰেক্ষিতত নগালেণ্ড চৰকাৰে মুকচাং জিলাত অসমৰ লগত থকা ৰাজ্যখনৰ আন্তঃ ৰাজ্যিক সীমান্ত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে । অত্যাৱশ্যকীয় সেৱাক বাদ দি অন্য যিবোৰ যানবাহন ৰাজ্য খনলৈ গৈছে সেইবোৰক আজিৰ ভিতৰত উভতি আহিবলৈ কোৱা হৈছে।

Exit mobile version